
নগাঁও, ১২ এপ্ৰিল (হি.স.)। নঙলা মুখ পালেহি ৰঙালী বিহু। ব্যস্ত হৈ পৰিছে সকলো অসমীয়া ৰাইজ। ৰঙালী বিহু আহিলেই এসময়ত মৃৎ শিল্পী সকলৰো ব্যস্ততাৰ অন্ত নাছিল। মৃৎশিল্পী সকলৰ হাতত প্ৰাণ উঠিছিল মাটিৰ চৰু, টেকেলী আদিৰ। আধুনিক যুগৰ প্লাষ্টিক চেলুলয়ডৰ পাত্ৰৰ পয়োভৰত বৰ্তমান ৰঙালীৰ বতৰত মৃৎশিল্পী সকলৰ চকৰীৰ পাকো যেন মন্থৰ হৈ পৰিছে। মাটিৰ চৰু, টেকেলি আদি সামগ্ৰীৰ বিপৰীতে বজাৰ দখল কৰিছে প্লাষ্টিক সামগ্ৰীয়ে।
ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটিৰ সামগ্ৰী ব্যৱহাৰ কম হৈ পৰিছে । চামগুৰিৰ কনুৱামাৰীৰ মৃৎশিল্পী সকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মাটিৰ চৰু, টেকেলি আদি সামগ্ৰীৰ বিক্ৰী পূৰ্ৱৰ তুলনাত হ্ৰাস পাই আহিছে। কনুৱামাৰীৰ মৃৎ শিল্পী তপন চন্দ্ৰ পালৰ পৰিয়ালে বংশগত ভাৱে মাটিৰ পাত্ৰ নিৰ্মাণেৰে পৰিয়াল পোহপাল দি আহিছে যদিও সময়ৰ কোবাল সোঁতত এওঁলোকৰ পৰিয়াললৈ দুৰ্যোগ নামি আহিছে।
মাটিৰ চৰু, টেকেলিৰ পৰিবৰ্তে বিহুৰ বতৰত প্লাষ্টিকৰ পাত্ৰ সমূহে বজাৰ দখল কৰিছে। যাৰ বাবে তপন চন্দ্ৰ পালৰ দৰে মৃৎশিল্পী সকলৰ মাটিৰ চৰু, টেকেলি আদি পাত্ৰৰ বিক্ৰীও কমি আহিছে। তথাপিও মৃৎশিল্পী সকলে মাটিৰ পাত্ৰ নিৰ্মাণেৰে নিজৰ জীৱন যুদ্ধ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ