
চিৰাং, ১২ এপ্ৰিল (হি.স.)। অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহুৰ মাজত মাথো কেইটামান দিন বাকি । হিয়াৰ আমঠু ৰঙালী বিহুক পালন কৰিবলৈ সৰ্বত্ৰই চলিছে ব্যাপক প্ৰস্তুতি । চিৰাং জিলাৰ বাসুগাঁৱতো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিছে পাঁচ দিনীয়া নৃত্য কৰ্মশালা ।
শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই পাঁচ দিনীয়া নৃত্য কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়াইছে মুখ্য প্ৰশিক্ষক বিধান দেউৰীয়ে আৰু সহযোগ কৰিছে দিপাঞ্জলী সিনহা আৰু জ্যোতিৰ্ময় ৰায়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা