অলংকাৰ বজাৰত সোণৰ দাম বৃদ্ধি, সামান্য হ্ৰাস ৰূপৰ দাম
- এসপ্তাহত সোণৰ মূল্য ১,৯১০ ₹ পৰ্যন্ত বৃদ্ধি নতুন দিল্লী, ১২ এপ্ৰিল (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি বৃদ্ধি পাইছে সোণৰ মূল্য। অৱশ্যে কালিৰ তুলনাত চেন্নাইত সোণৰ মূল্য দুৰ্বল হৈয়েই আছে। ইফালে ৰূপৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা গৈছে। শনিবাৰৰ তুলনাত আ
प्रतीकात्मक


- এসপ্তাহত সোণৰ মূল্য ১,৯১০ ₹ পৰ্যন্ত বৃদ্ধি

নতুন দিল্লী, ১২ এপ্ৰিল (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি বৃদ্ধি পাইছে সোণৰ মূল্য। অৱশ্যে কালিৰ তুলনাত চেন্নাইত সোণৰ মূল্য দুৰ্বল হৈয়েই আছে। ইফালে ৰূপৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা গৈছে। শনিবাৰৰ তুলনাত আজি সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৪০ টকা বৃদ্ধি পাই ৪৮০ টকা হৈছে। আনহাতে ৰূপৰ দাম কালিৰ তুলনাত প্ৰতি কিলোগ্ৰামত ১০০ ₹ পৰ্যন্ত হ্ৰাস পোৱা দেখা গৈছে।

সোণৰ মূল্যবৃদ্ধিৰ বাবে দেশৰ অধিকাংশ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৫২,৮৪০ টকাৰ পৰা ১,৫৩,৮২০ টকাৰ ভিতৰত চলি আছে। ইফালে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,৪০,১০০ টকাৰ পৰা ১,৪১,০০০ ₹ৰ ভিতৰত বিক্ৰী হৈছে। একেদৰে ৰূপৰ দাম সামান্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ বুলিয়ন বজাৰত প্ৰতি কিলোগ্ৰাম ২,৬০,০০০ ₹ ত বিক্ৰী হৈছে।

সাপ্তাহিক ভিত্তিত বিগত সপ্তাহৰ ব্যৱসায়ত সোণ-ৰূপৰ মূল্য শক্তিশালী হৈছে। বিগত সপ্তাহৰ ব্যৱসায়ত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৯১০ টকা বৃদ্ধি পাইছে। একেদৰে ২২ কেৰেট সোণৰ মূল্য সাপ্তাহিক ভিত্তিত প্ৰতি ১০ গ্ৰামত ১,৭৫০ টকাকৈ অধিক ব্যয়বহুল হৈ পৰিল। যোৱা সপ্তাহত ৰূপৰ মূল্যও বৃদ্ধি পাইছে, যাৰ ফলত পূৰ্বৰ সপ্তাহৰ মূল্যৰ তুলনাত প্ৰতি কিলোগ্ৰামত ১০ হাজাৰ ₹ বৃদ্ধি পাইছে।

দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫২,৯৯০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪০,২৫০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৫২,৮৪০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪০,১০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫২,৮৯০ টকা আৰু ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৪০,১৫০ টকা।

এই ডাঙৰ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৫৩,৮২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৪১,০০০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫২,৮৪০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪০,১০০ টকা। ভূপালত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫২,৮৯০ টকা প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণৰ মূল্য ১,৪০,১৫০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫২,৯৯০ টকা আৰু প্ৰতি ১০ গ্ৰামে ২২ কেৰেটৰ সোণৰ মূল্য ১,৪০,২৫০ টকা। পাটনাত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫২,৮৯০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪০,১৫০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫২,৯৯০ টকা, আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪০,২৫০ টকা ।

সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰেই আজি কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধিৰ ধাৰা দেখা গৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫২,৮৪০ টকা । একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪০,১০০ টকাত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande