বৰহোলাত ১০ দিনীয়াকৈ অনুষ্ঠিত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা
যোৰহাট, ১২ এপ্ৰিল (হি.স.)। অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী৷ বিহুটোক আদৰিবলৈ সকলো অসমীয়াই চলাইছে ব্যাপক প্ৰস্তুতি৷ চৌদিশে ঢোল-পেপাৰ অমিয়া মাত৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহু নাচৰ কৰ্মশালা৷ ব্যতিক্ৰম নহয় বৰহোলাও৷ বিগত বৰ
বৰহোলাত ১০ দিনীয়াকৈ অনুষ্ঠিত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা


যোৰহাট, ১২ এপ্ৰিল (হি.স.)। অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী৷ বিহুটোক আদৰিবলৈ সকলো অসমীয়াই চলাইছে ব্যাপক প্ৰস্তুতি৷ চৌদিশে ঢোল-পেপাৰ অমিয়া মাত৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহু নাচৰ কৰ্মশালা৷ ব্যতিক্ৰম নহয় বৰহোলাও৷ বিগত বৰ্ষৰ দৰে এইবাৰো বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা৷

কৰ্মশালা খনত বৃহত্তৰ অঞ্চলটোৰ দুই শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande