বোকাখাতত মন পচণ্ডৰ ঢোল বিচাৰি ঢুলিয়াই ভিৰ কৰা পৰিলক্ষিত হৈছে
গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। নঙলা মুখত হেপাহৰ ৰঙালী ৷ হেপাহৰ ৰঙালীক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে যদিও হিয়াৰ আমঠু জুবিন গাৰ্গৰ অবৰ্তমানত কোনোবা ক''ৰবাত যেন থমকি ৰৈছে ৷ কিন্তু তাৰ মাজতে সকলোৱে ৰঙালীক আদৰিবলৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ ব্যতিক্ৰম নহ
বোকাখাতত মন পচণ্ডৰ ঢোল বিচাৰি ঢুলিয়াই ভিৰ কৰা পৰিলক্ষিত হৈছে


গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। নঙলা মুখত হেপাহৰ ৰঙালী ৷ হেপাহৰ ৰঙালীক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে যদিও হিয়াৰ আমঠু জুবিন গাৰ্গৰ অবৰ্তমানত কোনোবা ক'ৰবাত যেন থমকি ৰৈছে ৷ কিন্তু তাৰ মাজতে সকলোৱে ৰঙালীক আদৰিবলৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ ব্যতিক্ৰম নহয় বোকাখাতৰ ঢোল মেৰামতি কৰা শিল্পী সকল ৷

বোকাখাত বিডিএম পথত থকা মা বাদ্য ভাণ্ডাৰত মনৰ পচণ্ডৰ ঢোল বিচাৰি ঢুলিয়াই ভিৰ কৰা পৰিলক্ষিত হয় ৷ ৰঙালীক আদৰিবলৈ পূৰ্বৰ ব্যস্ততা নাই যদিও মা বাদ্য ভাণ্ডাৰৰ স্বত্বাধিকাৰ গৰাকীয়ে ঢুলীয়া সকলৰ হাতত মনৰ পচণ্ডৰ ঢোল এটা তুলি দিবলৈ কোনো কৃপণালি কৰা নাই ৷ ১,২০০ টকাৰ পৰা ১১,০০০ টকালৈকে ঢোল মজুত ৰাখিছে স্বত্বাধিকাৰ গৰাকীয়ে ৷ ঢোল বিচাৰি উজনি নামনিৰ ঢুলীয়াই ভিৰ কৰা পৰিলক্ষিত হৈছে মা বাদ্য ভাণ্ডাৰত ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande