দৰঙৰ নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুনাচৰ প্ৰশিক্ষণ-কৰ্মশালা
দৰং, ১২ এপ্ৰিল (হি.স.)। ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰিবলৈ চলিছে প্ৰস্তুতি । দৰঙৰ বিভিন্ন প্ৰান্তত দেখা গৈছে উৎসাহ-উদ্দীপনা । নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হৈছে সপ্তাহজোৰা বিহুনাচৰ প্ৰশিক্ষণ-কৰ্মশালা । অঞ্চলটোৰ শতাধিক শিক্ষাৰ্থীয়ে ভাগ লৈছে
দৰঙৰ নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুনাচৰ প্ৰশিক্ষণ-কৰ্মশালা


দৰং, ১২ এপ্ৰিল (হি.স.)। ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰিবলৈ চলিছে প্ৰস্তুতি । দৰঙৰ বিভিন্ন প্ৰান্তত দেখা গৈছে উৎসাহ-উদ্দীপনা । নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হৈছে সপ্তাহজোৰা বিহুনাচৰ প্ৰশিক্ষণ-কৰ্মশালা । অঞ্চলটোৰ শতাধিক শিক্ষাৰ্থীয়ে ভাগ লৈছে বিহু কৰ্মশালাত । যোৱা বুধবাৰৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাৰ সোমবাৰ ১৩ এপ্ৰিলত সামৰণি পৰিব।

আয়োজক সদৌ অসম ছাত্ৰ সন্থাই সদৰি কৰা অনুসৰি বিহুৰ সম্যক ধাৰণা লৈ বিশ্ব দৰবাৰত বিহুটিক সঠিক ৰূপত, শুদ্ধভাৱে উপস্থাপন কৰিব পাৰে সেই লক্ষ্যৰেই এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।

বহু নাচৰ মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে দিপাঞ্জলী দাস বৰুৱাই ৷ এই কৰ্মশালাত মই মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰি সুখী বুলি মন্তব্য কৰাৰ লগতে, কৰ্মশালাত বিহু নাচৰ ভংগীমা, বুলনী চাপৰ চেও, বিহু নাম, যোজনা, পেপা নাম আদি শিকোৱা হৈছে বুলি উল্লেখ কৰে বৰুৱাই ৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande