
নগাও, ১২ এপ্ৰিল (হি.স.)। অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী। সমগ্ৰ ৰাজ্যবাসী বৰ্তমান সাজু হৈছে ৰঙালীক আদৰিবলৈ। বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো সাজু হৈ উঠিছে ৰহাৰ পহুপুৰীৰ শিশু আৰু কিশোৰ,কিশোৰীৰ দ্বাৰা গঠিত নয়নজ্যোতি বিহু হুঁচৰিৰ দল। বিগত সময়ত ৰাজ্যৰ বিভিন্ন মঞ্চত বিহু আৰু হুঁচৰি প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা দলটোৱে চলিত বৰ্ষৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতি।
দলটোৱে বিগত এটা মাহ ধৰি চলাই গৈছে বিহু আৰু হুঁচৰিৰ আখৰা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা