
গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। দেৰগাঁৱৰ মাজগাৱত চোৰাং গৰুৰ বেহা।আচিক আালি আৰু আতিক আলিৰ ঘৰত কাটি থোৱা অৱস্থাত উদ্ধাৰ হয় দুটাকৈ গৰু। নিশাই নাহৰণিৰ আলাৰত আলি আৰু জান্তো কলিতাৰ ঘৰৰ পৰা চুৰ হৈছিল দুজনীকৈ গাই গৰু। পুৱা সন্দেহৰ ভিত্তিত স্থানীয় লোক আৰু গৃহস্থই তালাচী চলাই আতিক-আচিকৰ ঘৰত।
এটা পৰিতক্ত ঘৰত উদ্ধাৰ কৰে কাটি থোৱা অৱস্থাত দুজনী গাইগৰু। ঘটনাস্থলীত উপস্থিত দেৰগাওঁ আৰক্ষী। উক্ত ঘটনাৰ সৈতে জড়িত আতিক, আচিকৰ উপৰিও বুতি নামৰ আন এজনৰ নামো সাঙোৰ খাইছে।
আচিকৰ ককায়েক জাকিৰৰ ঘৰতো আৰক্ষী পৰিয়ালৰ সদস্য় সকলক সোধা-পোচা সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে অঞ্চল। উল্লেখ্যযোগ্য যে, আচিক আলি পূৰ্বতে কৰা এনে বহু কাৰ্যৰ বাবে ৰাইজে এঘৰীয়া কৰি থৈছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা