পঞ্চম পিএছপিবি বাবা দীপ সিং বাস্কেটবল টুৰ্ণামেণ্টত মিৰাণ্ডা, হংসৰাজ আৰু ষ্টানাৰ্ছৰ নিজ নিজ খেলত জয়লাভ
নতুন দিল্লী, ১২ এপ্ৰিল (হি.স.)। নতুন দিল্লীৰ শ্ৰী গুৰু তেগ বাহাদুৰ কলেজত অনুষ্ঠিত পঞ্চম পিএছপিবি বাবা দীপ সিং বাস্কেটবল (পুৰুষ আৰু মহিলা) প্ৰতিযোগিতাৰ ষষ্ঠ দিনা মিৰাণ্ডা হাউচ, হংসৰাজ কলেজ আৰু ষ্টানাৰ্ছ একাডেমীয়ে সহজ জয় লাভ কৰে। মহিলা শাখাত মিৰাণ
प्लेयर ऑफ द मैच' पुरस्कार प्राप्त करता खिलाड़ी


নতুন দিল্লী, ১২ এপ্ৰিল (হি.স.)। নতুন দিল্লীৰ শ্ৰী গুৰু তেগ বাহাদুৰ কলেজত অনুষ্ঠিত পঞ্চম পিএছপিবি বাবা দীপ সিং বাস্কেটবল (পুৰুষ আৰু মহিলা) প্ৰতিযোগিতাৰ ষষ্ঠ দিনা মিৰাণ্ডা হাউচ, হংসৰাজ কলেজ আৰু ষ্টানাৰ্ছ একাডেমীয়ে সহজ জয় লাভ কৰে।

মহিলা শাখাত মিৰাণ্ডা হাউছে হংসৰাজ কলেজক ৫৩-১৮ত পৰাস্ত কৰি জয়লাভ কৰে। খেলখনত মিৰাণ্ডা হাউছৰ দীক্ষিতাক 'প্লেয়াৰ অৱ দ্য মেচ বঁটা প্ৰদান কৰা হয়।

একেদৰে পুৰুষ শাখাত হংসৰাজ মহাবিদ্যালয়ই ৰামজছ মহাবিদ্যালয়ক ৬৩-৩৮ত পৰাস্ত কৰে। হংসৰাজ মহাবিদ্যালয়ৰ সৰ্থক 'প্লেয়াৰ অৱ দ্য মেচ বঁটা প্ৰদান কৰা হয়। আন এখন খেলত ষ্টানাৰ্ছ একাডেমীয়ে খালছা এলামনাইক ১০৫-৮৭ ত পৰাস্ত কৰিছিল। ষ্টানাৰ্ছ একাডেমীৰ জয়ন্ত কাদিয়ানক 'প্লেয়াৰ অৱ দ্য মেচ বঁটা প্ৰদান কৰা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande