ওৰাংত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্দ্যোগত বাগুৰুম্বা নৃত্যৰ কর্মশালা
ওদালগুৰি, ১২ এপ্ৰিল (হি.স.)। পদুলি মুখত হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক উচাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আপোন অসমীয়াৰ ৰঙালী বিহুৰ সমান্তৰালকৈ বড়ো সকলৰো আৰম্ভ হ''ব ৰংজালী বৈশাগু। ৰংজালী বৈশাগুক লৈ ইতিমধ্যে খাম, চিফুং, চেৰজা
ওৰাংত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্দ্যোগত বাগুৰুম্বা নৃত্যৰ কর্মশালা


ওদালগুৰি, ১২ এপ্ৰিল (হি.স.)। পদুলি মুখত হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক উচাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আপোন অসমীয়াৰ ৰঙালী বিহুৰ সমান্তৰালকৈ বড়ো সকলৰো আৰম্ভ হ'ব ৰংজালী বৈশাগু। ৰংজালী বৈশাগুক লৈ ইতিমধ্যে খাম, চিফুং, চেৰজাৰ শব্দত মুখৰিত হৈছে ওদালগুৰি জিলাৰ ওৰাং অঞ্চল।

ওৰাং অঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্দ্যোগত ওৰাঙৰ গেলাবিলস্থিত সুজিত নাৰ্জাৰী প্রেক্ষাগৃহত ১০ দিনীয়াকৈ অনুষ্ঠিত হয় বাগুৰুম্বা নৃত্যৰ কর্মশালা। নিখিল বড়ো ছাত্র সন্থা ওৰাং আঞ্চলিকৰ অন্তৰ্গত প্রায় ২০ খন গাঁৱৰ শতাধিক যুৱক-যুৱতীয়ে ভাগ লয় এই কর্মশালাত। জ্যেষ্ঠ সাংস্কৃতিক কর্মী যোগেন চন্দ্র বসুমতাৰীয়ে প্রশিক্ষক হিচাপে উপস্থিত থাকি যুৱক যুৱতী সকলক বাগুৰুম্বাৰ প্রশিক্ষণ প্রদান কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande