
গোৱালপাৰা, ১২ এপ্ৰিল (হি.স.): পদূলি মুখ আহি পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। কুলি-কেতেকীৰ মাতত মুখৰিত চৌদিশ। আগন্তুক ৰঙালী বিহুক আদৰিবলৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ইয়াৰ সমান্তৰালকৈ প্ৰতি বছৰৰ দৰে এইবাৰো গোৱালপাৰাতো দেখিবলৈ পোৱা গৈছে বিহুৰ উছাহ আৰু প্ৰস্তুতি।নিউ গোৱালপাৰা বিহু ফিল্ডত 'সমন্বয় কলা কেন্দ্ৰ'ৰ উদ্যোগত যোৱা ছমাহ ধৰি চলি থকা বিহু কৰ্মশালাখনিৰ যোৱা কালি শনিবাৰে বিয়লি সফল সামৰণি পৰে।
সমাজত সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি এই কৰ্মশালাত বিভিন্ন জাতি-ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিহুৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আকৰ্ষণীয় বিহু নৃত্য আৰু হুঁচৰি প্ৰদৰ্শন কৰা হয়, যিয়ে উপস্থিত সকলোকে বাৰুকৈয়ে আপ্লুত কৰে।অৱশ্যে, এইবাৰৰ ৰঙালী বিহুৱে অসমীয়াৰ মনত এক সুকীয়া আৱেগ কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গবিহীনভাৱে ৰাজ্যত এইবাৰেই প্ৰথমটো হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰা হ'ব। প্ৰতিটো বিহু মঞ্চ নিজৰ কণ্ঠৰে কপাই তোলা জুবিনৰ অনুপস্থিতিয়ে এইবাৰৰ বিহুত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিব। তথাপিও, গোৱালপাৰাৰ সমন্বয় কলা কেন্দ্ৰৰ দৰে অনুষ্ঠান আৰু নৱপ্ৰজন্মৰ মাজত বিহুৰ প্ৰতি থকা এনে আকৰ্ষণ আৰু উছাহে অসমীয়াৰ বাপতিসাহোন বিহুটিক চিৰযুগমীয়া কৰি ৰখাৰ আশা কঢ়িয়াই আনিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ