
মুম্বাই, ১২ এপ্ৰিল (হি.স.)। সুৰৰ সম্ৰাগ্ৰী তথা কিংবদন্তি পাৰ্শ্ব গায়িকা আশা ভোছলে হৃদৰোগত আক্ৰান্ত হোৱাত তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৯২ বছৰীয়া কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ আকস্মিক অৱনতি ঘটাত ১১ এপ্ৰিলত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল, বৰ্তমান তেওঁ জৰুৰীকালীন চিকিৎসা সেৱা ইউনিটত ভৰ্তি হৈ আছে। চিকিৎসকৰ এটা দলে অহৰহ নিৰীক্ষণ কৰি আছে আৰু চিকিৎসা অব্যাহত আছে।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি আশা ভোছলে অত্যন্ত দুৰ্বল আৰু বুকুৰ বিষৰ অনুভৱৰ পিছত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ নাতিনীয়েক জনাই ভোছলেয়ে এক বিবৃতিত কয় যে তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু ইতিবাচক আৰোগ্যৰ বাবে পৰিয়ালটো আশাবাদী। অনুৰাগী আৰু সংবাদ মাধ্যমকো গোপনীয়তাৰ বাবে আবেদন জনায়।
ভাৰতীয় সংগীত জগতৰ অন্যতম চিনাকি কণ্ঠ আশা ভোছলেই সাত দশকৰো অধিক সময়ৰ কেৰিয়াৰত অগণন হিট গীত দিছে। দাদাচাহেব ফাল্কে বঁটা, পদ্ম বিভূষণ আদি উচ্চ সন্মানেৰে সন্মানিত হৈছে। তেওঁৰ অসুস্থতাৰ খবৰে সমগ্ৰ দেশতে তেওঁৰ অনুৰাগী আৰু সংগীতপ্ৰেমীসকলৰ মাজত উদ্বেগৰ জোৱাৰৰ সৃষ্টি কৰিছে, আৰু সকলোৱে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া