
নতুন দিল্লী, ১২ এপ্ৰিল (হি.স.)। দিল্লী বিধানসভাৰ অধ্যক্ষ বিজেন্দৰ গুপ্তা, মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, কেবিনেট মন্ত্ৰীসকলে প্ৰখ্যাত প্লেবেক গায়িকা আশা ভোছলেৰ মৃত্যুক ভাৰতীয় সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। আশা ভোছলেয়ে আজি ৯২ বছৰ বয়সত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
শোকবাৰ্তাত দিল্লী বিধানসভাৰ অধ্যক্ষ বিজেন্দৰ গুপ্তাই কয় যে আশা ভোছলেই তেওঁৰ বিখ্যাত সংগীত জীৱনত ১২ হাজাৰৰো অধিক গীতত তেওঁৰ সুৰীয়া কণ্ঠ দান দিছিল। তেওঁৰ গীতসমূহ ভাৰতীয় সংগীতৰ এক অমূল্য সম্পদ হোৱাই নহয়, আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব। তেওঁৰ সুৰীয়া আৰু বহুমুখী কণ্ঠই দশক দশক ধৰি সংগীতপ্ৰেমীৰ হৃদয় মোহিত কৰি দেশৰ সাংস্কৃতিক পৰিচয়ক সমৃদ্ধ কৰি তুলিছিল।
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এক পোষ্টযোগে কয় যে প্ৰজন্মক সংযোগ কৰা আৰু সংগীতৰ প্ৰতিটো আৱেগক মূৰ্ত কৰি তোলা সংগীতৰ সোণালী কণ্ঠ আজি নিস্তব্ধ হৈ পৰিছে । আশাৰ কণ্ঠই যেন জীৱনটোক জীৱন্ত কৰি তুলিছিল, আৰু প্ৰতিটো গীতে সময়ক অতিক্ৰম কৰা কাহিনী এটা ধৰি ৰাখিছিল। তেওঁ কয় যে তেওঁৰ মৃত্যুৱে এটা সোণালী যুগৰ অন্ত পেলাইছে যদিও তেওঁৰ সমৰ্পণে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
দিল্লীৰ শিক্ষামন্ত্ৰী আশীষ সুদে কয় যে আশা ভোছলেৰ সুৰীয়া কণ্ঠ আৰু অনন্য গায়ন শৈলীয়ে দশক দশক ধৰি লাখ লাখ লোকৰ হৃদয় মোহিত কৰি ভাৰতীয় সংগীতক বিশ্বব্যাপী স্বীকৃতি কঢ়িয়াই আনিছিল। তেওঁৰ অৱদান চিৰদিনৰ বাবে অমৰ হৈ থাকিব, আৰু তেঁও নিজৰ শিল্পৰ জৰিয়তে জীয়াই থাকিব।
দিল্লীৰ লোকশিল্প বিভাগৰ মন্ত্ৰী পৰবেশ চাহাব সিঙে কয় যে ভাৰতীয় সংগীত জগতৰ এগৰাকী মহান ব্যক্তিত্ব, সুৰীয়া কণ্ঠ আৰু অতুলনীয় গায়ন শৈলীয়ে লাখ লাখ লোকৰ হৃদয় চুই যোৱা আশা ভোছলে সদায় অবিস্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুৱে এটা যুগৰ অন্ত পেলাইছে।
দিল্লীৰ স্বাস্থ্যমন্ত্ৰী ড০ পংকজ কুমাৰ সিঙে কয় যে সংগীতৰ এক বহুমূলীয়া সম্পদ আজি নিস্তব্ধ হৈ পৰিছে, যাৰ সুৰীয়া কণ্ঠই প্ৰতিটো যুগক সংজ্ঞায়িত কৰিছিল। আশা ভোছলেৰ বিয়োগ ভাৰতীয় সংগীত জগতৰ বাবে এক গভীৰ দুখ আৰু অপূৰণীয় ক্ষতি।
দিল্লীৰ সমাজ কল্যাণ মন্ত্ৰী ৰবিন্দৰ ইন্দেৰাজ সিঙে কয়, আজি আমাৰ পৰা সংগীতৰ এক অমৰ সম্পদ আঁতৰি গৈছে। তেওঁৰ সুৰীয়া কণ্ঠ কেৱল সংগীত নাছিল, লাখ লাখ হৃদয়ৰ আৱেগৰ প্ৰকাশ আছিল। প্ৰজন্ম সলনি হ'ল, কিন্তু প্ৰতিটো যুগত তেওঁৰ কণ্ঠ জীয়াই থাকিল।
দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি কয় যে, আৱেগিক সুৰৰ পৰা আৰম্ভ কৰি আবেগিক ক্লাছিক গীতলৈকে তেওঁ নিজৰ গায়কীৰে প্ৰতিটো গীতত প্ৰাণৰ সঞ্চাৰ কৰিছিল। ভাৰতীয় সংগীতলৈ তেওঁৰ অৱদান সদায় আমাৰ হৃদয়ত থাকিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া