৩ জুলাইৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা, ১৫ এপ্ৰিলৰ পৰা পঞ্জীয়ন
জম্মু, ১২ এপ্ৰিল (হি.স.)। দক্ষিণ কাশ্মীৰৰ পৱিত্ৰ অমৰনাথ গুহা মন্দিৰৰ বাৰ্ষিক তীৰ্থযাত্ৰা ৩ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু ৫৭ দিনৰ অন্তত ২৮ আগষ্টত সমাপ্ত হ’ব। ১৩ৰ পৰা ৭০ বছৰ বয়সৰ তীৰ্থযাত্ৰীসকলে তীৰ্থযাত্ৰা কৰিব পাৰিব আৰু ১৫ এপ্ৰিলৰ পৰা পঞ্জীয়ন আৰম্ভ হ’
অমৰনাথ তীৰ্থযাত্ৰা ফাইল ফটো


জম্মু, ১২ এপ্ৰিল (হি.স.)। দক্ষিণ কাশ্মীৰৰ পৱিত্ৰ অমৰনাথ গুহা মন্দিৰৰ বাৰ্ষিক তীৰ্থযাত্ৰা ৩ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু ৫৭ দিনৰ অন্তত ২৮ আগষ্টত সমাপ্ত হ’ব। ১৩ৰ পৰা ৭০ বছৰ বয়সৰ তীৰ্থযাত্ৰীসকলে তীৰ্থযাত্ৰা কৰিব পাৰিব আৰু ১৫ এপ্ৰিলৰ পৰা পঞ্জীয়ন আৰম্ভ হ’ব।

উপ-ৰাজ্যপাল মনোজ সিনহাৰ অধ্যক্ষতাত শ্ৰী অমৰনাথজী শ্ৰাইন ব’ৰ্ডৰ বৈঠকত তীৰ্থযাত্ৰাৰ তাৰিখ চূড়ান্ত কৰা হয়। লেফটেনেণ্ট গৱৰ্ণৰে কয় যে এইবাৰৰ তীৰ্থযাত্ৰা অলপ বেছি হ’ব, যিটো প্ৰায় ৫৭ দিনীয়া হ’ব। তীৰ্থযাত্ৰাৰ বাবে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে আৰু ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব।তেওঁ লগতে কয় যে তীৰ্থযাত্ৰীৰ নূন্যতম বয়স ১৩ বছৰ আৰু সৰ্বোচ্চ ৭০ বছৰ নিৰ্ধাৰণ কৰা হৈছে।

সিনহাই কয় যে সমগ্ৰ দেশতে প্ৰায় ৫৫৬টা নিৰ্দিষ্ট বেংক শাখাৰ জৰিয়তে আগতীয়া পঞ্জীয়ন কৰিব পৰা যাব, আনহাতে শ্ৰী অমৰনাথজী শ্ৰাইন ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তেও অনলাইন পঞ্জীয়ন উপলব্ধ হ’ব। তেওঁ কয় যে য়েছ বেংক, আইচিআইচিআই বেংক, পঞ্জাব নেচনেল বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, আৰু এক্সিছ বেংকে নিজৰ শাখাৰ জৰিয়তে পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিব। জ্যেষ্ঠ পূৰ্ণিমা উপলক্ষে অহা ১৯ জুনত প্ৰথম পূজা অনুষ্ঠিত হ’ব বুলি এলজিয়ে জানিবলৈ দিয়ে। অনন্তনাগ জিলাৰ পৰম্পৰাগত ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পাহলগাম পথ আৰু গণ্ডাৰবাল জিলাৰ চুটি, ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্ৰুত বালতাল পথৰ জৰিয়তে এই তীৰ্থযাত্ৰা আৰম্ভ হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande