ধেমাজিৰ হেমন্ত বৰপাত্ৰ গোঁহাইলৈ আগবঢ়োৱা হৈছে সেৱাব্ৰত বৰুৱা স্মাৰক বঁটা -২০২৬
ধেমাজিৰ হেমন্ত বৰপাত্ৰ গোঁহাইক প্ৰাদান কৰা হব সেৱাব্ৰত বৰুৱা স্মাৰক বঁটা -২০২৬ ৷
ধেমাজিৰ হেমন্ত বৰপাত্ৰ গোঁহাইলৈ আগবঢ়োৱা হৈছে সেৱাব্ৰত বৰুৱা স্মাৰক বঁটা -২০২৬


ধেমাজি, ১২ এপ্ৰিল (হি.স.): ধেমাজিৰ বিশিষ্ট নাট্যকাৰ পৰিচালক হেমন্ত বৰপাত্ৰ গোঁহাইলৈ আগবঢ়োৱা হৈছে সেৱাব্ৰত বৰুৱা স্মাৰক বঁটা -২০২৬ ৷ বিহপুৰীয়াৰ সু সন্তান, বিশিষ্ট নাট্যকাৰ পৰিচালক তথা সমাজ সংগঠক সেৱাব্ৰত বৰুৱাৰ স্মৃতিত বিহপুৰীয়াত নতুনকৈ গঠন হোৱা সেৱাব্ৰত বৰুৱা সাংস্কৃতিক মঞ্চই পোন প্ৰথম বাৰৰ বাবে প্ৰদান কৰিছে এই বঁটা ৷ বিশেষকৈ অসমৰ নাট্য আন্দোলনৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনলৈ থকা অলেখ অৱদানৰ পৰিপ্ৰেক্ষিততে হেমন্ত গোঁহাই বৰপাত্ৰলৈ আগবঢ়োৱা হৈছে এই বঁটা ৷

সেৱাব্ৰত বৰুৱা সাংস্কৃতিক মঞ্চৰ সভাপতি দেবানন্দ হাজৰিকা আৰু সম্পাদক জয়ন্ত শইকীয়াই এখন সংবাদমেল যোগে ঘোষণা কৰিছে এই বঁটা ৷ আগন্তুক ৩০ আৰু ৩১ মে’ত অনুষ্ঠিত হ'ব লগা সেৱাব্ৰত বৰুৱা নাট সমাৰোহত হেমন্ত গোঁহাই বৰপাত্ৰক প্ৰদান কৰা হ'ব এই বঁটা ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande