
পাটনা, ১২ এপ্ৰিল (হি.স.)। বিহাৰৰ কাটিহাৰ জিলাৰ কইৰা থানা এলেকাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এতিয়ালৈকে তেৰজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। বাসগদা চ’কৰ সমীপৰ দতপুৰ মুছাহাৰী চ’কৰ সমীপত হৰদাৰ পৰা পূৰ্ণিয়া অভিমুখী এখন দ্ৰুতবেগী বাছ এখন পিকআপ ভ্যানৰ সৈতে মুখামুখি সংঘৰ্ষত সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই বিধ্বংসী যে পাৰ হৈ যোৱা দুখন মটৰ চাইকেলতো খুন্দা মাৰে। এই ঘটনাত থিতাতে দহজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭জন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোত দুয়োখন বাহন সম্পূৰ্ণৰূপে ধ্বংস হয়।
ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত লিখিছে, বিহাৰৰ কাটিহাৰত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা খবৰটো অত্যন্ত যন্ত্ৰণাদায়ক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলোৰে আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল এক্স হেণ্ডেলত জাৰি কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বিহাৰৰ কাটিহাৰত সংঘটিত দুৰ্ঘটনাটো অত্যন্ত বেদনাদায়ক। আপোনজনক হেৰুওৱাৰ এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছো আৰু সমবেদনা জনাইছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ । প্ৰতিজন মৃতকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ₹২ লাখ টকা আৰু আহতসকলে ₹৫০,০০০ ৰ এককালীন সাহায্য লাভ কৰিব।
মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই ঘটনা অতি মৰ্মান্তিক আৰু ইয়াৰ বাবে মই গভীৰভাৱে দুখী। মৃতকৰ আশ্ৰয়দাতাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ অনুদান প্ৰদানৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্রীৰ নির্দেশ অনুসৰি জ্যেষ্ঠ বিষয়াসকলে স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈছে৷ এই দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰি মুখ্যমন্ত্ৰীয়ে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
বিৰোধী দলৰ নেতা তেজস্বী যাদৱেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰে।
মৃতকৰ তালিকা
১/ ৰাধিকা হান্সদা, পিতৃ বাবলু হান্সদা
২) বাবলু হান্সদাৰ পত্নী তালৱী দেৱী
৩/ পাপ্পু হান্সদা
৪) তালা হান্সদাৰ পত্নী তালপু ছ’ৰেন
৫) ধেনা টুডুৰ পত্নী তালা হান্সদা
৬) অঞ্জু হান্সদাৰ পত্নী বেটিয়া মাৰাণ্ডী
৭) নংকু হান্সদাৰ পত্নী পাপ্পু দেৱী
৮) পিকআপ চালক চিন্তামণি মহতো
৯) সদানন্দ মুৰ্মু
১/ টাল্লু ছ’ৰেন
১১) দুৰ্গা বাসুকী
১২) ৰঞ্জিতা হেমবৰাম। ইয়াৰ উপৰিও এজন অজ্ঞাত ব্যক্তি, যিজন এতিয়াও চিনাক্ত হোৱা নাই।
পুৰ্ণিয়াৰ আৰক্ষী অধীক্ষক ছুইটি ছেহৰাৱাটে জনোৱা মতে, কাটিহাৰত ১০ জন আৰু পূৰ্ণিয়া মেডিকেল কলেজ হাস্পতালত ৩ জন লোকৰ মৃত্যু হৈছে। আহতসকলৰ চিকিৎসাৰ বাবে কাম কৰি আছে চিকিৎসকৰ এটা দলে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া