
গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। নিৰ্বাচনৰ ভোটগ্ৰহণৰ শেষত শিশুৰ কুমলীয়া সপোন পূৰণ। ১৩ খনকৈ চাইকেল বিতৰণ কৰি নিৰ্মল হাঁহি বিৰিঙালে মৃণাল শইকীয়াই। নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে এজন জনপ্ৰিয় নেতাই কেনেকৈ শিশুৰ অন্তৰ জয় কৰিব পাৰে, তাৰেই এক নিদৰ্শন দাঙি ধৰিলে খুমটাইৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই। ঢলাপাৰৰ শিশু সকলৰ এটা সৰু অনুৰোধ ৰক্ষা কৰি আজি ১৩ খনকৈ চাইকেল উপহাৰ দিলে বিধায়ক গৰাকীয়ে।
নিৰ্বাচনী প্ৰচাৰৰ বাবে ঢলাপাৰলৈ যাওঁতে একাংশ শিশুৱে আগুৰি ধৰিছিল তেওঁক। কোনোবাই যদি ফটো তুলিছিল, কোনোবাই আকৌ বিচাৰিছিল এটা সৰু উপহাৰৰ বাবে। সেই ভিৰৰ মাজৰ পৰাই শিশু সকলে বিচাৰিছিল চাইকেল। ৰাজনীতিৰ কঠিন যুঁজৰ মাজতো শিশুৰ সেই সৰল অনুৰোধ পাহৰি নগ’ল মৃণাল শইকীয়াই। কথা মতেই কাম।
শিশু সকলৰ সেই আশা পূৰণ কৰি আজি আনুষ্ঠানিকভাৱে ১৩ খন চাইকেল প্ৰদান কৰা হয়। হাতত নতুন চাইকেল পাই আনন্দত আত্মহাৰা হৈ পৰে ঢলাপাৰৰ শিশুসকল। নিৰ্বাচনী প্ৰচাৰৰ এই তীব্ৰ ব্যস্ততাৰ মাজত শিশুৰ সৈতে কটোৱা এই মুহূৰ্তই এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ সমষ্টিটোত। এই গৰাকী প্ৰাৰ্থীয়ে আগৰে পৰাই চাইকেল চলাই সমষ্টিৰ চুকে-কোণে প্ৰচাৰ চলাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে । আজিৰ এই কাৰ্যসূচীয়ে তেওঁৰ জনপ্ৰিয়তাত যে এক নতুন মাত্ৰা যোগ কৰিব, সেয়া নিশ্চিত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা