টিহুৰ ১নং নাথকুছিত এগৰাকী ছাত্ৰীৰ আত্মহত্যা
টিহুৰ ১নং নাথকুছিত এগৰাকী ছাত্ৰীৰ আত্মহত্যা ।
টিহুৰ ১নং নাথকুছিত এগৰাকী ছাত্ৰীৰ আত্মহত্যা


নলবাৰী, ১১ এপ্ৰিল (হি.স.): হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফৰাফল ঘোষণাৰ পিচতে টিহুৰ ১নং নাথকুছিত এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম গীতাঞ্জলি বড়ো বুলি জানিব পৰা গৈছে। ছোৱালী গৰাকী নাথকুছি বাসন্তী হাইস্কুলৰ ছাত্ৰী আছিল ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষনাৰ পিচতে কালি আবেলি নিজবাসগৃহত আত্মহত্যাৰ পথ বাচি লয় ছাত্ৰী গৰাকীয়ে । আত্মহত্যা কৰা ছাত্ৰী গৰাকী বয়স ১৫ বছৰ। আত্মহত্যাৰ কাৰন মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হৈ ছাত্ৰীগৰাকীয়ে এই পথ বাচি লোৱা সন্দেহ কৰিছে স্থানীয় ৰাইজ তথা পৰিয়ালে । পিতৃ দীপক বড়ো আৰু মাতৃ মাৱোলী বড়োৰ জ্য়েষ্ঠ কন্যা আছিল গীতাঞ্জলি বড়ো । ইফালে পৰিয়ালৰ লোকে দেখামাত্ৰকে তৎক্ষণাত ছাত্ৰী গৰাকীক পাঠশালাত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । বৰ্তমান ছাত্ৰী গৰাকীৰ এই খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande