
কোকৰাঝাৰ, ১১ এপ্ৰিল (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত এগৰাকী নাবালিকাক অপহৰণক কেন্দ্ৰ কৰি যোৱা কালি শুকুৰবাৰে সন্ধিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰে। বেংঙলী ফেডাৰেচন, আক্ৰাছু, বজৰং দলে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্য়স্ত কৰে।
জানিব পৰামতে, গোসাইগাঁও মহকুমাৰ ভোমৰাবিল গাঁৱৰ পৰা যোৱা বৃহস্পতিবাৰে বিয়লি ৩ বজাৰ পৰা সন্ধানহীন হয় নাবালিকা গৰাকী। নাবালিকা গৰাকীক গাঁওখনৰে এগৰাকী যুবকে পৰিকল্পিত ভাবে অপহৰণৰ অভিযোগ উত্থাপিত হৈছে। ইফালে ২৪ ঘন্টা উকলি যোৱাৰ পাছতো আৰক্ষীয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰিব নোৱাৰাত গোসাইগাঁও থানাত ঘেৰাও কৰি উত্তপ্ত কৰে দল সংগঠনে। লাভ জেহাদৰ অভিযোগ কৰিছে দল সংগঠনসমূহে । অতি সোনকালে নাবালিকা গৰাকীক উদ্ধাৰ কৰাৰ লগতে দোষীক কৰায়ত্ব কৰাৰ দাবী জনাইছে । আজি দিনৰ ১২ বজাৰ ভিতৰত নাবালিকা গৰাকীক উদ্ধাৰ নকৰিলে গণ আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদী দল সংগঠন কেইটাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ