
ডিব্ৰুগড়, ১১ এপ্ৰিল (হি.স.): নিৰ্বাচনী ভোটগ্ৰহণ চলি থকাৰ মাজতে বৃহস্পতিবাৰে নৱগঠিত খোৱাং সমষ্টিৰ কুটুহাত সংঘটিতৰ নিৰ্বাচনী হিংসাৰ উত্তেজনা অব্যাহত আছে। এই ভয়ংকৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত যোৱা কালি শুকুৰবাৰে বিয়লি বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহত এক সংবাদমেল সম্বোধন কৰে বিধায়ক চক্ৰধৰ গগৈৰ লগতে কেবিনেট মন্ত্ৰী বিমল বৰা আৰু প্ৰশান্ত ফুকনে ।
উল্লেখ্য খোৱাং কুটুহাত বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহৰ কাষতে বৃহস্পতিবাৰে সংঘটিত হৈছিল হিংসাত্মক ঘটনা । বিধায়ক গৰাকীৰ বাসগৃহত কাষতে থকা এটা পৰিত্যক্ত গৃহত বহি:ৰাজ্যৰ কেইজনমান ব্যক্তি থকাৰ বিষয়ে জানিব পাৰি অসম জাতীয় পৰিষদৰ এটা দল সোধপোছৰ বাবে যাওঁতে প্ৰথমে তৰ্কাতৰ্কি আৰু পিছত মাৰপিটত লিপ্ত হয় । এই আক্ৰমণ-প্ৰত্যাক্ৰমণত কেইবাজনোক কম-বেচি পৰিমানে আঘাটপ্ৰাপ্ত হৈছিল । এই ঘটনাৰ সন্দৰ্ভত বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহত সংবাদমেল অনুষ্ঠিত কৰি লুৰীণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে বিধায়ক চক্ৰধৰ গগৈৰ লগতে মন্ত্ৰী বিমল বৰা আৰু প্ৰশান্ত ফুকন ।
পৰাজয়ৰ আশংকাত লুৰীণজ্যোতি গগৈৰ সমৰ্থকসকলে খোৱাং সমষ্টিত হিংসাত্মক ঘটনা সংঘটিত কৰি অপসংস্কৃতি অনা বুলি অভিযোগ উত্থাপন কৰি চক্ৰধৰ গগৈয়ে কয় যে আমাৰ দলীয় কৰ্মীৰ ওপৰত আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব । আনহাতে লুৰীণজ্যোতি গগৈক কঠোৰ সমালোচনা কৰি কেবিনেট মন্ত্ৰী বিমল বৰাই ডিব্ৰুগড় জিলা প্ৰশাসনক একপ্ৰকাৰ সঁকিয়নি প্ৰদান কৰি কয় আক্ৰমণকাৰীক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। অন্য়থা আইন–শৃংখলা ব্য়ৱস্থা (Low & order situation) হ'ব বুলিও ব্য়ক্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ