
গুৱাহাটী,১১ এপ্ৰিল(হি.স.)। গুৱাহাটী মহানগৰৰ ৰুদ্ৰাক্ষ মলত ৰহস্যজনক ভাবে এজন যুৱক মৃত্যুমুখত পৰে। মলটোৰ সপ্তম মহলাৰ পৰা যুৱক জন চতুৰ্থ মহলাত সৰি পৰে । এমাহ পুৰ্বে বিবাহ হোৱা গুৱাহাটী মহানগৰৰ পাৰ্শ্ববৰ্তী সোণাপুৰৰ বাসিন্দা সিদ্ধান্ত দাসক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । মৃত্যুৰ কিছুসময় পুৰ্বলৈ মৃত যুৱকজন সদ্য বিবাহিত পত্নীৰ সৈতে আছিল ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ