শশী থাৰুৰৰ পশ্চিম এছিয়াৰ যুদ্ধবিৰতিৰ বাবে শান্তি অপৰিহাৰ্য বুলি অভিহিত, কংগ্ৰেছৰ প্ৰস্তাৱত চৰকাৰী নীতি পুনৰীক্ষণৰ দাবী
নতুন দিল্লী, ১১ এপ্ৰিল (হি.স.)। এমাহতকৈও অধিক সময় ধৰি চলি থকা পশ্চিম এছিয়াত ইৰাণ আৰু আমেৰিকা-ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ বাবে কংগ্ৰেছ নেতা শশী থাৰুৰে শান্তি অতি প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। তেওঁ কয় যে কোনে শান্তি আনে সেয়া ডাঙৰ কথা নহয়, কিন্তু শ
शशि थरूर


নতুন দিল্লী, ১১ এপ্ৰিল (হি.স.)। এমাহতকৈও অধিক সময় ধৰি চলি থকা পশ্চিম এছিয়াত ইৰাণ আৰু আমেৰিকা-ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ বাবে কংগ্ৰেছ নেতা শশী থাৰুৰে শান্তি অতি প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। তেওঁ কয় যে কোনে শান্তি আনে সেয়া ডাঙৰ কথা নহয়, কিন্তু শান্তি নিজেই গুৰুত্বপূৰ্ণ। যদি শান্তি বিফল হয় তেন্তে ইয়াৰ কাৰণসমূহ গভীৰভাৱে বিশ্লেষণ কৰি ভৱিষ্যতে আমি কেনেকৈ এক বেলেগ ফলাফলত অৰিহণা যোগাব পাৰো সেয়া চাব লাগিব ।

শনিবাৰে ইয়াত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত থাৰুৰে কয় যে ভাৰতৰ স্বাৰ্থ শান্তিত নিহিত হৈ আছে আৰু আমি পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। বিচ্ছিন্ন হৈ থকাৰ পৰিৱৰ্তে ভাৰতে সক্ৰিয়ভাৱে জড়িত হোৱা উচিত আৰু এই প্ৰচেষ্টাসমূহে শান্তিৰ দিশত আগুৱাই নিব বুলি আশা কৰা উচিত। প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু পেট্ৰলিয়াম মন্ত্ৰীসকল অঞ্চলটোৰ নেতাসকলৰ সৈতে অহৰহ যোগাযোগত আছে, যিহেতু ই আমাৰ স্বাৰ্থত।

তেওঁ কয় যে কোনে শান্তি আনে সেয়া ডাঙৰ কথা নহয়, কিন্তু শান্তি নিজেই গুৰুত্বপূৰ্ণ। যদি শান্তি বিফল হয়, তেন্তে ইয়াৰ আঁৰৰ কাৰণসমূহ আমি গভীৰভাৱে বিশ্লেষণ কৰি ভৱিষ্যতে আমি কেনেকৈ এক বেলেগ ফলাফলত অৰিহণা যোগাব পাৰো সেয়া চাব লাগিব। ভাৰতৰ মৌলিক স্বাৰ্থ শান্তি আৰু আঞ্চলিক শৃংখলা বজাই ৰখাত নিহিত হৈ আছে, কিয়নো শূন্যতা বিপজ্জনক আৰু ই আমাৰ অন্যান্য দিশতো ক্ষতি কৰে।

থাৰুৰে কয় যে ভাৰত গ্ল’বেল চাউথৰ এক প্ৰধান কণ্ঠস্বৰ আৰু আঞ্চলিক আৰু বিশ্বব্যাপী ব্যৱস্থা গঢ় দিয়াৰ ক্ষেত্ৰত এক দায়িত্বশীল অংশীদাৰ। গতিকে আমি নিষ্ক্ৰিয় হৈ থাকিব নালাগে। যেতিয়া আমাৰ চুবুৰীটোত জুই লাগে তেতিয়া আমি কেৱল দৰ্শক হ’ব নোৱাৰো। আমি সক্ৰিয় ভূমিকা ল’ব লাগিব, কিন্তু সেই ভূমিকাক সযতনে বাছি লৈ আমাৰ আটাইতকৈ উপযোগী অৱদান নিৰ্ণয় কৰিব লাগিব। কেতিয়াবা এই অৱদান মৌন হৈ থাকিব পাৰে।

তেওঁ কয় যে আজি ভাৰত এই অঞ্চলত অধিক সক্ৰিয় হৈ পৰিছে। দুজন মন্ত্ৰী ভ্ৰমণত আছে, প্ৰধানমন্ত্ৰী অহৰহ ফোনত কথা পাতি থাকে, আৰু তিনিজন মন্ত্ৰী প্ৰকৃততে অঞ্চলটোত উপস্থিত থাকে। এই সকলোবোৰ অতি ভাল, আৰু আমি ইয়াক আৰু অধিক সম্প্ৰসাৰণ কৰা উচিত। এই নিয়োজিততাই আমাক শক্তিশালী কৰে আৰু ভৱিষ্যতে অধিক ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰদান কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে নিশা জাৰি কৰা কংগ্ৰেছৰ প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতিৰ হত্যা, আন্তঃৰাষ্ট্ৰীয় আইনৰ বাহিৰত যুদ্ধ চলোৱা, সাধাৰণ নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ মানৱতা আৰু নিয়ম ভিত্তিক বিশ্ব ব্যৱস্থা উভয়ৰে বিৰুদ্ধে জঘন্য অপৰাধ। যিকোনো অৰ্থপূৰ্ণ সমাধান জেনেভা চুক্তি, নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি, পেৰিছ চুক্তি, আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ নীতিৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব, বিশেষকৈ যিকোনো ৰাষ্ট্ৰৰ ভূখণ্ডৰ অখণ্ডতা বা ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে বল প্ৰয়োগ নিষিদ্ধ কৰা (ধাৰা ২(৪)) আৰু বিবাদৰ শান্তিপূৰ্ণ নিষ্পত্তি (ধাৰা ২(৩))।

কংগ্ৰেছৰ প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে আমি সন্মুখীন হোৱা অভূতপূৰ্ব বহুমুখী সংকটৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰে নিৰ্বাচনী আৰু মতাদৰ্শগত এজেণ্ডাৰ ওপৰত জাতীয় স্বাৰ্থক স্থান দি বৈদেশিক নীতি বিশেষজ্ঞৰ পৰামৰ্শক আওকাণ কৰা বন্ধ কৰাটো অতি জৰুৰী। বৰঞ্চ চৰকাৰে তৎক্ষণাত নিজৰ নীতি সংশোধন কৰি, বিৰোধীক আস্থাত লৈ, এক ঐক্যবদ্ধ জাতীয় পন্থা অৱলম্বন কৰা উচিত। এনে কৰিলে ভাৰতে শান্তি আৰু ন্যায়পৰায়ণ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ বাবে নীতিগত, সক্ৰিয় আৰু বিশ্বাসযোগ্য কণ্ঠস্বৰ হিচাপে ঐতিহাসিক ভূমিকালৈ ঘূৰাই আনিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande