বংগ নিৰ্বাচন ২০২৬: বিজেপিয়ে চৰকাৰ গঠন কৰিলে ‘চিণ্ডিকেট ৰাজ’ শেষ কৰি অনুপ্ৰৱেশকাৰীক খেদি পঠিয়ামঃ অমিত শ্বাহ
কলকাতা, ১১ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ বাংকুৰা জিলাৰ ওণ্ডা-বিষ্ণুপুৰ অঞ্চলত নিৰ্বাচনী সভাত ভাষণ দি ৰাজ্যখনৰ মমতা বেনাৰ্জী চৰকাৰক আক্ৰমণ কৰে। তেওঁ বিশিষ্টভাৱে চিণ্ডি
अमित शाह


কলকাতা, ১১ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ বাংকুৰা জিলাৰ ওণ্ডা-বিষ্ণুপুৰ অঞ্চলত নিৰ্বাচনী সভাত ভাষণ দি ৰাজ্যখনৰ মমতা বেনাৰ্জী চৰকাৰক আক্ৰমণ কৰে। তেওঁ বিশিষ্টভাৱে চিণ্ডিকেট ৰাজ, দুৰ্নীতি, আৰু অনুপ্ৰৱেশৰ বিষয়সমূহ উত্থাপন কৰি দাবী কৰে যে বিজেপিয়ে চৰকাৰ গঠন কৰিলে এই সমস্যাসমূহ স্থায়ীভাৱে সমাধান হ'ব।

সমাৱেশত ভাষণ দি অমিত শ্বাহে কয় যে নিৰ্মাণ কামেই হওক বা দৈনন্দিন প্ৰয়োজনীয়তাই হওক ৰাজ্যৰ প্ৰতিটো স্তৰতে ছিণ্ডিকেটৰ প্ৰভাৱ আছে। ইয়াৰ ফলত সাধাৰণ ৰাইজৰ অপৰিসীম কষ্টৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ ২৩ এপ্ৰিলত পদুমৰ প্ৰতীকটোক ভোট দিবলৈ জনসাধাৰণক আহ্বান জনাই কয় যে, ব্যাপক সংখ্যাগৰিষ্ঠতাৰে বিজেপিক জয়ী কৰক; আমি বংগৰ পৰা ছিণ্ডিকেট ৰাজৰ অন্ত পেলাম।

অমিত শ্বাহে বাংকুৰা অঞ্চলৰ উন্নয়নৰ ওপৰত আলোকপাত কৰে। এই বিষয়ত ৰাজ্য চৰকাৰকো সমালোচনা কৰে। তেওঁ উল্লেখ কৰে যে বিগত ১৫ বছৰ ধৰি অঞ্চলটো অৱহেলিত হৈ থকাৰ বাবে যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সন্ধানত প্ৰব্ৰজন কৰিবলগীয়া হৈছে। লগতে বিজেপিয়ে চৰকাৰ গঠন কৰিলে বিষ্ণুপুৰত ঔদ্যোগিক মণ্ডল স্থাপন হ’ব আৰু আঞ্চলিক উন্নয়ন ত্বৰান্বিত হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

অমিত শ্বাহে মহিলাৰ সুৰক্ষাৰ বিষয়তো ৰাজ্য চৰকাৰক লক্ষ্য কৰি লয়। তেওঁ উল্লেখ কৰে যে পশ্চিম বংগত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে, আৰু পৰিস্থিতি চিন্তনীয়। এখন বিজেপি চৰকাৰে মহিলাৰ ২৪ ঘণ্টীয়া নিৰাপত্তা সুনিশ্চিত কৰিব আৰু দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

অনুপ্ৰৱেশৰ বিষয়টোত কঠোৰ স্থিতি গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, অনুপ্ৰৱেশকাৰীসকল দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি। তেওঁ দাবী কৰে যে যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে এনে ব্যক্তিক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ’ব, আৰু ভোটাৰ তালিকাৰ পৰা অবৈধ নাম আঁতৰোৱা হ’ব।

ভাষণত শ্বাহে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। ইয়াৰ দ্বাৰা সকলো নাগৰিকৰ সম অধিকাৰ সুনিশ্চিত হ’ব বুলিও তেওঁ কয়। মহিলা, কৃষক, যুৱক-যুৱতীসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনিৰ কথাও ঘোষণা কৰে। লগতে আঁচনি আৰু আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰে।

বৈঠকৰ সময়ত অমিত শ্বাহে ৰাজ্য চৰকাৰক শিক্ষক নিযুক্তি, ৰাজহুৱা বিতৰণ ব্যৱস্থা,কে ধৰি কেইবাটাও কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে বিজেপি চৰকাৰ গঠন হ’লে এই সকলোবোৰ গোচৰৰ তদন্তৰ বাবে আয়োগ গঠন কৰা হ’ব আৰু দোষীক জেললৈ প্ৰেৰণ কৰা হ’ব।

শেষত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নত ভাৰতৰ লক্ষ্যৰ কথা উল্লেখ কৰি কয় যে, উন্নত বংগ অবিহনে উন্নত ভাৰত সম্ভৱ নহয়, আৰু ইয়াৰ বাবে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱৰ্তন প্ৰয়োজনীয় বুলি উল্লেখ কৰে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande