
ঢাকা, ১১ এপ্ৰিল (হি.স.)। হাবিবুল বাছাৰৰ নেতৃত্বত বাংলাদেশৰ নতুন বাছনি সমিতিখনে শনিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম দুখন এদিনীয়া খেলৰ বাবে একেখন ১৫ জনীয়া দলকে ধৰি ৰাখিছে যিয়ে যোৱা মাহত ঘৰুৱা ক্ষেত্ৰত পাকিস্তানক ২-১ ব্যৱধানত পৰাস্ত কৰিছিল৷ এই শৃংখলাৰ প্ৰথম দুখন মেচ ১৭ আৰু ২০ এপ্ৰিলত ঢাকাত অনুষ্ঠিত হ’ব, তৃতীয়খন মেচ ২৩ এপ্ৰিলত চট্টোগ্ৰামত অনুষ্ঠিত হ’ব।
দলটোৰ নেতৃত্ব দিব মেহিদী হাছান মিৰাজে। অৱশ্যে শেহতীয়াকৈ জয়লাভৰ পিছতো একাংশ বেটছমেনৰ প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন হৈয়েই আছে। পাকিস্তানৰ বিৰুদ্ধে তিনিটা ইনিংছত ছাইফ হাছান আৰু আফিফ হোছেইনে গড়ে ক্ৰমে ১৭.৩৩ আৰু ১৯ ৰান সংগ্ৰহ কৰে, যিটো আশা কৰাতকৈ কম।
অপৰিৱৰ্তিত হৈ আছে দ্ৰুত বলিং বিভাগ। নিৰ্বাচকসকলে নাহিদ ৰানা, টাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, আৰু শ্বোৰিফুল ইছলামৰ ওপৰত বিশ্বাস অক্ষুণ্ণ ৰাখিছে । শেহতীয়াকৈ ঘূৰণীয়া বলাৰৰ নীতিৰ বিপৰীতে ইয়াক এক সুস্থিৰ সংমিশ্ৰণ বুলি গণ্য কৰা হয়।
বৰ্তমান পাকিস্তানত চলি থকা লীগত বাংলাদেশ দলৰ ৫ গৰাকী খেলুৱৈয়ে খেলি আছে। ১২ এপ্ৰিলত তেওঁলোক সকলোৱে ৰাষ্ট্ৰীয় দলত যোগদান কৰিব। খবৰ অনুসৰি এদিনীয়া শৃংখলা সমাপ্ত হোৱাৰ পাছত লীগলৈ ঘূৰি আহিব কেৱল মুস্তাফিজুৰ ৰহমান। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত তিনিখন বিশ বিশ অভাৰৰ মেচো অনুষ্ঠিত হ’ব।
বাংলাদেশৰ ১৫ জনীয়া দলটো এনেধৰণৰ
মেহিদি হাছান মিৰাজ (অধিনায়ক), সৌম্য চৰকাৰ, ছাইফ হাছান, তাঞ্জিদ হাছান, নাজমুল হোছেইন শান্তো, তৌহিদ হৃদয়, লিটন দাস (উইকেটকীপাৰ), আফিফ হোছেইন, মহিদুল ইছলাম, ৰিছাদ হোছেইন, তনবীৰ ইছলাম, মুস্তাফিজুৰ ৰহমান, তাস্কিন আহমেদ, শ্বোৰিফুল ইছলাম, আৰু নাহিদ ৰানা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া