
–ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত
নতুন দিল্লী, ১১ এপ্ৰিল (হি.স.)। বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপৰ পুৰুষৰ একক শাখাত সুন্দৰ প্ৰদৰ্শনেৰে এক বৃহৎ ওলটপালট কৰে ভাৰতীয় যুৱ খেলুৱৈ আয়ুষ শ্বেট্টীয়ে। শনিবাৰে ডিফেণ্ডিং চেম্পিয়ন তথা বিশ্বৰ এক নম্বৰ কুনলাভুট ভিটিডছাৰ্ণক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। এই জয়েৰে আয়ুষ এই মহাদেশীয় প্ৰতিযোগিতাৰ পুৰুষৰ একক ফাইনেলত প্ৰৱেশ কৰা মাত্ৰ দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয়।
ভাৰতৰ পূৰ্বৰ স্বৰ্ণ পদক বিজয়ী আছিল ১৯৬৫ চনত দীনেশ খান্না । পৰৱৰ্তী সময়ত সুৰেশ গোৱেল, প্ৰকাশ পাডুকন, পুল্লেলা গোপিচান্দ, অনুপ শ্ৰীধৰ, আৰু এইচ. প্ৰাণোয়ে বিভিন্ন বছৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল যদিও কোনোটোৱেই ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে।
বিশ্বৰ ২৫ নম্বৰ স্থানত থকা আয়ুছে এঘণ্টা পোন্ধৰ মিনিটত ১০-২১, ২১-১৯, আৰু ২১-১৭ গ’লত জয়লাভ কৰে। এতিয়া তেওঁ খিতাপৰ মেচত চীনৰ শ্বি ইউ চি বা চাইনিজ টাইপেইৰ চৌ টিয়েন চেনৰ সৈতে মুখামুখি হ’ব।
এইখন আছিল আয়ুষ আৰু বিতিদছাৰ্ণৰ দ্বিতীয়খন বৈঠক। শেষবাৰৰ বাবে তেওঁলোকৰ মুখামুখি হৈছিল আৰ্কটিক অ’পেনত, য’ত থাইলেণ্ডৰ খেলুৱৈগৰাকীয়ে জয়লাভ কৰিছিল। এই মেচখনত ভিটিডছাৰ্নে প্ৰথমখন খেলত সহজেই জয়লাভ কৰে যদিও আয়ুছে শক্তিশালী প্ৰত্যাৱৰ্তন কৰে।
দ্বিতীয়খন খেলত আয়ুছে শক্তিশালী ডিফেন্সিভ খেল প্ৰদৰ্শন কৰি অগ্ৰগতি লাভ কৰে । যদিও তেওঁৰ প্ৰতিদ্বন্দ্বী দলটোৱে কামবেক কৰিবলৈ চেষ্টা কৰিছিল, তথাপিও আয়ুছে নিৰ্ণায়ক পইণ্টটো লাভ কৰি মেচখন তৃতীয়খন খেললৈ লৈ যায়। চূড়ান্ত খেলখনত আয়ুছে আৰম্ভণিৰে পৰাই নিজৰ অগ্ৰগতি বজাই ৰাখি এক উজ্জ্বল স্মাছৰ জৰিয়তে ঐতিহাসিক জয় নিশ্চিত কৰে।
ইয়াৰ পূৰ্বে আয়ুছে উদ্বোধনী ৰাউণ্ডত বিশ্বৰ সাত নম্বৰ লি শ্বি ফেঙক পৰাস্ত কৰিছিল। ইয়াৰ পিছত তেওঁ চি ইউ জেনক পোনপটীয়া খেলত পৰাস্ত কৰে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ চতুৰ্থ নম্বৰ জোনাথন ক্ৰীষ্টিক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে।
এতিয়া সমগ্ৰ দেশৰ দৃষ্টি ইতিহাস ৰচনাৰ উদ্দেশ্যেৰে ফাইনেলত প্ৰৱেশ কৰা আয়ুষৰ ওপৰত নিবদ্ধ ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া