
কামৰূপ, ১১ এপ্ৰিল (হি.স.): কামৰূপ জিলাৰ ৰঙিয়া বালিসত্ৰত যোৱা কালি নিশা চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয় । বালিসত্ৰৰ চ'ক বজাৰত থকা শিৱ শংকৰ জুৱেলাৰীৰ পৰা বাইকত অহা দুই চোৰে সোণৰ অলংকাৰ ভৰাই থোৱা বেগ লুটি পলায়ন কৰে ।
চোৰে চুৰি কাৰ্য সংঘটিত কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যোৱাৰ সেই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চি চি টিভি কেমেৰাত । ইতিমধ্যেই কঞা থানাৰ আৰক্ষীয়ে অধিক সোধপোচৰ বাবে জুৱেলাৰী দোকান খনত কৰ্মৰত যুৱকজনক আটক কৰি বৰ্তমান অব্যাহত ৰাখিছে জোৰ দাৰ তদন্ত । আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব চুৰি কাৰ্য্যৰ সমগ্ৰ ঘটনাৰ ৰহস্য ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ