উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবীলেণ্ড হাই ইংলিছ স্কুল ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ
শ্ৰীভূমি, ১১ এপ্ৰিল (হি.স.)। অনিয়ম সংঘটিত হোৱাৰ বাবে বৰাক উপক্য়াকাৰ শ্ৰীভূমি জিলাৰ ১২৩ নং উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবীলেণ্ড হাই ইংলিছ স্কুল ভোটকেন্দ্ৰত আজি শনিবাৰে পুনৰ ভোটগ্ৰহণ কৰা হৈছে। যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ভোটগ্ৰহণৰ সময়ত দুস্কৃতিক
বিধানসভা


শ্ৰীভূমি, ১১ এপ্ৰিল (হি.স.)। অনিয়ম সংঘটিত হোৱাৰ বাবে বৰাক উপক্য়াকাৰ শ্ৰীভূমি জিলাৰ ১২৩ নং উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবীলেণ্ড হাই ইংলিছ স্কুল ভোটকেন্দ্ৰত আজি শনিবাৰে পুনৰ ভোটগ্ৰহণ কৰা হৈছে। যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ভোটগ্ৰহণৰ সময়ত দুস্কৃতিকাৰীয়ে এই ভোটগ্ৰহণ কেন্দ্ৰত অনধিকাৰ প্ৰৱেশ কৰি ইভিএমৰ নিয়ন্ত্ৰণ কৰাৰ অভিযোগৰ পিছতে নিৰ্বাচনী আয়োগে কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি শ্ৰীভূমি জিলাৰ ১২৩ নং উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবীলেণ্ড হাই ইংলিছ স্কুল ভোটকেন্দ্ৰত আজি ১১ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ কৰা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত কৰা হ’ব।

উল্লেখযোগ্য যে দুস্কৃতিকাৰীয়ে এই ভোটগ্ৰহণ কেন্দ্ৰত অনধিকাৰ প্ৰৱেশ কৰি ইভিএমৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নি অবৈধভাৱে কেইবাটাও ভোট প্ৰদান কৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া ব্যাহত কৰিছিল । এই কথা নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰাত আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশনা জাৰি কৰে। জন প্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ৫৮ ৰ অধীনৰ উপধাৰা (২) (ক) অনুসৰি নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰে।

উল্লেখ্য যে ১২৩ নং উত্তৰ কৰিমগঞ্জ সমষ্টিত মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ভোটকেন্দ্ৰটিত মুঠ ৫৯৯ গৰাকী ভোটাৰ আছে। ইয়াৰে ২৭৩ গৰাকী পুৰুষ ভোটাৰ আৰু ৩২৬গৰাকী মহিলা ভোটাৰ।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ২৩৯ নং বেবীলেণ্ড হাই ইংলিছ স্কুল ভোটকেন্দ্ৰৰ অধীনৰ সমূহ ভোটদাতাক শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে শান্তিপূৰ্ণ ভোটগ্ৰহণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি গোহাৰি জনাইছে। তদুপৰি ১২৩ নং উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা সমূহ প্ৰাৰ্থী বা তেওঁলোকৰ প্ৰতিনিধিসকলক সময়মতে ভোটগ্ৰহণ প্ৰক্ৰিয়াত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande