শ্ৰীভূমিৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবিলেণ্ড হাই ইংলিছ স্কুলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত
শ্ৰীভূমি, ১১ এপ্ৰিল (হি.স.)। শ্ৰীভূমি জিলাৰ এটা ভোটকেন্দ্ৰত পুনৰ আজি পুৱা ৭টা বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ । উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবিলেণ্ড হাই ইংলিছ স্কুলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত। কটকটিয়া নিৰাপত্তাৰ মাজত চলিছে ভোট গ্ৰহণ। তাত ভোটাৰ আছে ৫৯
শ্ৰীভূমিৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবিলেণ্ড হাই ইংলিছ স্কুলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত


শ্ৰীভূমি, ১১ এপ্ৰিল (হি.স.)। শ্ৰীভূমি জিলাৰ এটা ভোটকেন্দ্ৰত পুনৰ আজি পুৱা ৭টা বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ । উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবিলেণ্ড হাই ইংলিছ স্কুলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত। কটকটিয়া নিৰাপত্তাৰ মাজত চলিছে ভোট গ্ৰহণ। তাত ভোটাৰ আছে ৫৯৯।

উল্লেখ্য ভাৰতীয় নিৰ্বাচনী আয়োগে অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ সন্দৰ্ভত এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে

১২৩-কৰিমগঞ্জ উত্তৰ সমষ্টিৰ ২৩৯ নম্বৰ ভোটকেন্দ্ৰ, বেবীলেণ্ড হাই ইংলিছ স্কুলত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়া হৈছিল ।জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ৫৮(২)(এ) অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

১০ এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত অনিয়মৰ অভিযোগত উক্ত ভোটগ্ৰহণ বাতিল কৰা হৈছিল। পুনৰ ভোটগ্ৰহণ অৰ্থাৎ আজি ১১ এপ্ৰিল ২০২৬ তাৰিখে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande