
লখিমপুৰ, ১১ এপ্ৰিল (হি.স.)। লখিমপুৰত অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাত সমগ্ৰ অসমৰ সংবাদ মাধ্য়ম সমূহে তীব্ৰ ভাষাৰে সমালোচনা কৰে। আজি জিলা খনৰ সকলো সাংবাদিক এক গোট হৈ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত প্ৰতিবাদী সভা অনুষ্ঠিত কৰেl
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণক প্ৰতিবাদী সভাত উপস্থিত সকলো সাংবাদিকে একমুখে গৰিহণা দিয়ে। দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী। সাংবাদিকৰ সুৰক্ষা সু-নিশ্চিত কৰাৰ দাবী l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু