তামুলপুৰত বিহু নাচৰ কৰ্মশালাৰ আয়োজন
তামুলপুৰ, ১১ এপ্ৰিল (হি.স.)। পদূলিমুখত হেপাহৰ ৰঙালী বিহু ৷ ৰাজ্যজুৰি আদৰিবলৈ সাজু। মাত্ৰ কেইটামান দিনৰ পিছতে ৰজনজনাব ঢোল পেপা গগনাৰ শব্দ ৷ বাপতি সাহোন ৰঙালি বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে তামুলপুৰতো । বিহু বুলি কলেই প্ৰতিগৰাকী অসমীয়াৰ মন-প্ৰা
তামুলপুৰত বিহু নাচৰ কৰ্মশালাৰ আয়োজন


তামুলপুৰ, ১১ এপ্ৰিল (হি.স.)। পদূলিমুখত হেপাহৰ ৰঙালী বিহু ৷ ৰাজ্যজুৰি আদৰিবলৈ সাজু। মাত্ৰ কেইটামান দিনৰ পিছতে ৰজনজনাব ঢোল পেপা গগনাৰ শব্দ ৷ বাপতি সাহোন ৰঙালি বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে তামুলপুৰতো । বিহু বুলি কলেই প্ৰতিগৰাকী অসমীয়াৰ মন-প্ৰাণ আনন্দত নাচি উঠাৰ পৰিপ্ৰেক্ষিতত তামুলপুৰ জিলাতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও বিহু নাচৰ এক বিশেষ কৰ্মশালা তথা আখৰা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

১০ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত এই বিহু নাচৰ কৰ্মশালাত দুই শতাধিক ডেকা-গাভৰু আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। বিশেষকৈ কণ কণ মইনাহঁতেও ঢোল-পেঁপাৰ শব্দত বিহু নাচি আনন্দত মতলীয়া হোৱা দৃশ্যই সমগ্ৰ অঞ্চলটোত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, অহা ১৫ এপ্ৰিলত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহুৰ এক বৰ্ণাঢ্য অনুষ্ঠান আয়োজন কৰা হৈছে আৰু উক্ত অনুষ্ঠানত প্ৰতিগৰাকী লোকৰ সহায়-সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে তামুলপুৰ 'আছু'ৱে। চহা লোক-সংস্কৃতিৰ এই নিৰ্ভেজাল চৰ্চাই নতুন প্ৰজন্মৰ মাজত বিহুৰ ঐতিহ্যক সুন্দৰকৈ প্ৰতিষ্ঠা কৰিব বুলি আয়োজক সকলে আশাপ্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande