
গোৱালপাৰা, ১১ এপ্ৰিল (হি.স.): গোৱালপাৰা চহৰৰ মাজমজিয়াত অৱস্থিত 'হোটেল ময়ুৰ'ত দীৰ্ঘদিন ধৰি চলি থকা এক অবৈধ দেহ ব্যৱসায়ৰ ঘাটিত শুকুৰবাৰে নিশা আৰক্ষীয়ে অতৰ্কিত অভিযান চলায়। সদৰ আৰক্ষীয়ে চলোৱা এই অভিযানত হোটেলখনৰ পৰা ৫ গৰাকী যুৱক-যুৱতীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।
এই সমগ্ৰ ঘটনাৰ আঁৰত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, আতিকুৰ ৰহমান নামৰ এগৰাকী বিজেপি নেতাৰ তত্ত্বাৱধানত হোটেলখনত দীৰ্ঘদিন ধৰি এই ৰমৰমীয়া দেহ ব্যৱসায় চলি আহিছিল। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও একেই অবৈধ কাৰ্যকলাপৰ বাবে আৰক্ষীয়ে এইখন হোটেলত অভিযান চলাইছিল যদিও পুনৰাই তাত এই ব্যৱসায় গঢ় লৈ উঠে।
শুকুৰবাৰৰ অভিযানত আটক হোৱা যুৱক-যুৱতীকেইজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি থানালৈ লৈ যায় । চহৰৰ বুকুতে খোদ ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এনে অবৈধ চক্ৰ চলি থকা ঘটনাত সমগ্ৰ গোৱালপাৰা চহৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ