
তামুলপুৰ, ১১ এপ্ৰিল (হি.স.)। নিশা দৰঙামেলাৰ মেনকা চাহ বাগিছাৰ সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ডাম্পাৰত প্ৰচণ্ড জোৰে খুন্দা বাইকৰ। থিতাতে নিহত এক নং পাহাৰপুৰৰ যুৱক মন বাহাদুৰ চুব্বা। কুমাৰীকাটাৰ পৰা নিজৰ ঘৰ পাহাৰপুৰলৈ আহি আছিল যুৱকজন।
দুৰ্ঘটনাগ্ৰস্থ বাইক খনৰ নম্বৰ এএছ ০১ বিজি- ৫৪৫৬।
স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত দৰঙামেলা আৰক্ষী থানাৰ পৰা আৰক্ষীৰ দল এটা আহি মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা কৰাৰ বাবে নলবাৰী চিকিিিিৎসা মহাবিদ্য়ালয় হস্পিতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্থ বাইক খন থানাত ৰাখি থয়। আৰক্ষী থানাৰ পৰা পৰিয়ালৰ লোকক খবৰ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা