
গোলাঘাট, ১১ এপ্ৰিল (হি.স.)। অসমৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সমগ্ৰ ৰাজ্য়ত বৰ্তমান চলিছে ব্য়াপক প্ৰস্ততি। নুমলীগড়ত চেনেহৰ বহাগক আদৰিবলৈ সাজু এজাক কনমানি নাচনি ঢুলীয়া। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা।
নুমলীগড়ৰ তেল গৰম নামৰ অঞ্চলটোত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা । চেনেহৰ বিহুটিক আদৰিবলৈ সাজু এজাক কনমানি ।ত্ৰয়োবিংশতিতম তেলগৰম কেন্দ্ৰীয় বসন্ত উৎসৱৰ উদ্যোগত কনমানি সকলক অভিজ্ঞ প্ৰশিক্ষক অলিম্পিকা ভূঞা আৰু ত্ৰিদিশা বৰঠাকুৰৰ জৰিয়তে বিহু কৰ্মশালাৰ ব্যৱস্থা কৰিছে । ককাল ঘূৰাই নাচিছে নাচনি হতে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা