নেপালৰ প্রধানমন্ত্রীৰ ভাষণ অবিহনে সমাপ্ত হয় নেপাল সংসদৰ প্রথম অধিৱেশন
কাঠমাণ্ডু, ১১ এপ্ৰিল (হি.স।)। নেপালৰ সাধাৰণ নিৰ্বাচনৰ পিছত সংসদৰ প্ৰথম অধিৱেশনত ভাষণ প্ৰদান কৰা নাছিল প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে। প্ৰধানমন্ত্ৰীৰ ভাষণ অবিহনে শনিবাৰে নেপালৰ সংসদৰ প্ৰথম অধিৱেশনৰ সামৰণি পৰে। জেন জি আন্দোলনৰ দ্বাৰা প্ৰেৰিত প্ৰতিনি
नेपाल के प्रधानमंत्री बालेन्द्र शाह


কাঠমাণ্ডু, ১১ এপ্ৰিল (হি.স।)। নেপালৰ সাধাৰণ নিৰ্বাচনৰ পিছত সংসদৰ প্ৰথম অধিৱেশনত ভাষণ প্ৰদান কৰা নাছিল প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে। প্ৰধানমন্ত্ৰীৰ ভাষণ অবিহনে শনিবাৰে নেপালৰ সংসদৰ প্ৰথম অধিৱেশনৰ সামৰণি পৰে।

জেন জি আন্দোলনৰ দ্বাৰা প্ৰেৰিত প্ৰতিনিধি সদনৰ নিৰ্বাচনত প্ৰায় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে বালেন্দ্ৰ শ্বাহৰ নেতৃত্বত চৰকাৰ গঠন কৰা হৈছিল। ফলস্বৰূপে সংসদৰ প্রথম অধিৱেশনত প্রধানমন্ত্রী শ্বাহে কি ক’ব সেই বিষয়ে ব্যাপক কৌতুহলৰ সৃষ্টি হৈছিল ৷

সাধাৰণতে নিৰ্বাচনৰ পিছত নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰীয়ে সংসদক সম্বোধন কৰি চৰকাৰৰ অগ্ৰাধিকাৰ, মূল্যবোধ আৰু নীতিৰ ৰূপৰেখা দাঙি ধৰে। এইটো বাধ্যতামূলক নহ’লেও পূৰ্বতে ই এক প্ৰতিষ্ঠিত পৰম্পৰা হৈ আহিছে।

শনিবাৰে সমাপ্ত হোৱা সংসদৰ প্ৰথমখন অধিৱেশনৰ সময়ত নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হোৱা নিজৰ দৰে সাংসদৰ আগত চৰকাৰৰ নীতি আৰু মূল্যবোধ দাখিল কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা নাছিল।

বিগত ২৭ মাৰ্চত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত বালেন্দ্ৰ শ্বাহে আগন্তুক ১০০ দিনত কাৰ্যকৰী হ’ব পৰা প্ৰশাসনিক সংস্কাৰৰ বাবে ১০০ দফীয়া কাৰ্যসূচী গৃহীত কৰি ৰাজহুৱা কৰে। এই কাৰ্যসূচীত কেইবাটাও কাম অন্তৰ্ভুক্ত কৰা হৈছে, যেনে নতুন আইন প্ৰণয়ন কৰা আৰু পুৰণি আইন সংশোধন কৰা, যাৰ বাবে সংসদীয় সমৰ্থনৰ প্ৰয়োজন হ’ব।

ইয়াৰ পিছতো প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে মন্ত্ৰী পৰিষদৰ প্ৰথমখন বৈঠকত গৃহীত এই কাৰ্যসূচী সংসদত দাখিল কৰা নাছিল। আনকি আনুষ্ঠানিকভাৱে সংসদৰ দৃষ্টিগোচৰ হোৱা নাছিল। ফলত আন নিৰ্বাচিত সাংসদসকলে সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে চৰকাৰৰ ১০০ দিনীয়া পৰিকল্পনা আৰু ইয়াৰ অগ্ৰাধিকাৰৰ বিষয়ে অৱগত হ’বলগা হয়।

সংসদীয় বিশেষজ্ঞসকলে প্ৰধানমন্ত্ৰীৰ সংসদত সম্বোধন নকৰা “অস্বাভাৱিক” বুলি গণ্য কৰে। ফেডাৰেল সংসদ সচিবালয়ৰ প্ৰাক্তন মহাসচিব মনোহৰ প্ৰসাদ ভট্টৰাইৰ মতে, সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰীয়ে সংসদৰ প্ৰথম অধিৱেশনত ভাষণ দিয়াটো পৰম্পৰাগত হৈ আহিছে। এই পৰম্পৰাৰ বিপৰীতে সমগ্ৰ অধিৱেশনত প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ মৌনতাত তেওঁ আশ্চৰ্য্য প্ৰকাশ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande