নলবাৰীত ছাত্ৰ নিৰুদ্দেশ
নলবাৰী,১১ এপ্ৰিল (হি.স.)। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আনিবলৈ গৈ উভতি অহা নাই নলবাৰী টেঙাবাৰী পিপলিবাৰিৰ পাৰ্থ প্ৰতীম শৰ্মা৷ পুত্ৰক বিচাৰি এতিয়া নলবাৰী সদৰ থানাত এগৰাকী মাতৃয়ে হিয়া ধাকুৰি কান্দিছে৷ ক’ত গ’ল একমাত্ৰ পুত্ৰ পাৰ্থ৷ নলব
নলবাৰীত ছাত্ৰ নিৰুদ্দেশ


নলবাৰী,১১ এপ্ৰিল (হি.স.)। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আনিবলৈ গৈ উভতি অহা নাই নলবাৰী টেঙাবাৰী পিপলিবাৰিৰ পাৰ্থ প্ৰতীম শৰ্মা৷ পুত্ৰক বিচাৰি এতিয়া নলবাৰী সদৰ থানাত এগৰাকী মাতৃয়ে হিয়া ধাকুৰি কান্দিছে৷ ক’ত গ’ল একমাত্ৰ পুত্ৰ পাৰ্থ৷ নলবাৰীৰ বেলশৰ থানাৰ অন্তৰ্গত টেঙাবাৰী পিপলিবাৰিৰ প্ৰয়াত বিকি শৰ্মা আৰু মাতৃ বিনিতা দেৱীৰ একমাত্ৰ পুত্ৰ পাৰ্থ প্ৰতীম শৰ্মা৷ যোৱা কালি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আনিবলৈ বুলি শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পুৱা ১০:৪০ বজাত ওলাই গৈছিল পাৰ্থ ৷

কিন্ত দুখৰ বিষয় অতি নম্ৰ আৰু মেধাবী ছাত্ৰ জনে বিদ্যালয়ত পৰীক্ষাৰ ফলাফল আনিবলৈ গৈ অন্তৰ্ধান হৈ থাকিল ৷পুত্ৰ সন্ধিয়ালৈ ঘৰ আহি নপোৱাত মাতৃ বিনিতাই বিচাৰ খোচাৰ কৰে যদিও পুত্ৰৰ কোনো সন্ধান নেপায় নিশা ১০ বজাত বেলশৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ বৰ্তমানলৈ পুত্ৰ পাৰ্থৰ কোনো সন্ধান পোৱা নাই আৰক্ষী তথা পৰিয়ালৰ লোকে৷ জিঞ্চৰ পেন্ট হালধীয়া কুৰ্তা, গুলপীয়া ৰঙৰ জেকেট পৰিহিত পাৰ্থৰ কোনোবাই সন্ধান পালে ৬০০০০৫৮১৭৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ এইগৰাকী অসহায় মাতৃৰ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande