
কাঠমাণ্ডু, ১১ এপ্ৰিল (হি.স.) নেপাল চিকিৎসক সংঘ (এনএমএ)য়ে দেশৰ সকলো হাস্পতালত ৰবিবাৰে বায়ৰোগী বিভাগ (ওপিডি)ৰ কাৰ্যসম্পাদন কৰিব নোৱাৰা বুলি জনাইছে ।
নেপাল চৰকাৰে সপ্তাহত দুটাকৈ চৰকাৰী বন্ধ ঘোষণা কৰি দেশৰ বিভিন্ন চিকিৎসালয়সমূহক ৰোগীৰ সুবিধাৰ্থে দেওবাৰে অ’পিডি সেৱা চলাবলৈ নিৰ্দেশ দিছিল। কিন্তু অপৰ্যাপ্ত জনশক্তিৰ উদ্ধৃতি দি এন এম এয়ে চৰকাৰৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ অক্ষমতা প্ৰকাশ কৰে। স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ সুবিধাসমূহো আমূল উন্নতিৰ দাবী জনাইছে সন্থাই।
নেপাল চিকিৎসক সংঘ (এনএমএ)য়ে স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা শুকুৰবাৰে জাৰি কৰা নিৰ্দেশৰ সম্পৰ্কে শনিবাৰে এখন বিবৃতি জাৰি কৰি কয় যে দেওবাৰে ওপিডি সেৱা দিব সম্ভৱ নহব। বিবৃতিত সংঘৰ মহাসচিব ডঃ সঞ্জীব তিৱাৰীয়ে কয় যে চৰকাৰে সপ্তাহত দুদিন—শনিবাৰ আৰু দেওবাৰ—সাৰ্বজনিক বন্ধৰ দিন দাঙি ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে। যদিও মন্ত্ৰালয়ে হাস্পতালসমূহক তেওঁলোকৰ জনশক্তিৰ আধাৰত দেওবাৰতো ওপিডি সেৱা চলাই যাবলৈ অনুৰোধ কৰিছিল, কিন্তু অতিরিক্ত জনশক্তি নথকাৰ বাবে ই সম্ভৱ নহয়।
সংস্থাটোৱে কয় যে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে তেওঁলোকৰ ৯ৰ পৰা ৫ৰ কামৰ সময়সূচীৰ উপৰিও ২৪ ঘণ্টাই অন-ডিমাণ্ড, অল-ৰাউণ্ড, আৰু জৰুৰীকালীন সেৱাৰ দৰে সেৱা আগবঢ়ায়, কিন্তু এই কামসমূহৰ সময় সঠিকভাৱে গণনা কৰা নহয়, যিটো অন্যায়। স্বাস্থ্যসেৱা প্ৰতিষ্ঠানত উপযুক্ত জনশক্তি ব্যৱস্থাপনা কাৰ্যকৰী নকৰিলে দেওবাৰে সেৱা প্ৰদানৰ বাবে মন্ত্ৰালয়ৰ অনুৰোধ কাৰ্যকৰী কৰিব নোৱাৰিব।
এছ’চিয়েশ্যনে লগতে কয় যে চিকিৎসালয়ৰ কৰ্মচাৰীসকলক শনিবাৰৰ উপৰিও অতিৰিক্ত দিনৰ ছুটী দিয়াৰ ব্যৱস্থা আছে, বা অস্তিত্বহীন ছুটীৰ ক্ষেত্ৰত বিকল্প ছুটী (এডজাষ্টেড লিভ) প্ৰদান কৰাৰ ব্যৱস্থা আছে, কিন্তু পূৰ্বে কৰ্মচাৰীসকলক এই সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল। সন্থাৰ মতে, ইন্ধনৰ নাটনিৰ বাবে সপ্তাহত দুদিন ছুটী দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰি স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত অ’পিডি ঘন্টা বৃদ্ধি কৰাটো সম্পূৰ্ণ অবাস্তৱ।
শনিবাৰ আৰু দেওবাৰ দুয়োটাতে ছুটী দিয়াৰ সিদ্ধান্ত স্পষ্টভাৱে কাৰ্যকৰী নহ’লে স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত অধিক বিভ্ৰান্তিৰ সৃষ্টি হ’ব বুলি সন্থাই সকীয়াই দিয়ে। সেয়ে স্বাস্থ্য মন্ত্ৰালয়ক এই নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ কৈছে। নূন্যতম সা-সুবিধা দি বলপূৰ্বক কাম কৰাৰ প্ৰথা বন্ধ নকৰিলে চিকিৎসক আৰু স্বাস্থ্যসেৱা কৰ্মীসকলে প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব বুলিও সন্থাই সকীয়াই দিয়ে।
ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰালয়ে সমগ্ৰ দেশৰ চিকিৎসালয়সমূহক দেওবাৰেও বহিঃৰোগীৰ সেৱা চলোৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। চৰকাৰে শনিবাৰ আৰু দেওবাৰক চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ পিছত বহু চিকিৎসালয়ত দেওবাৰে বহিঃৰোগীৰ সেৱা বন্ধ কৰি দিয়া হয়, তাৰ পিছত মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া