২৪ ঘণ্টাৰ ভিতৰত সকলো নেপালী বিমানবন্দৰত স্তনপান কৰা কক্ষ স্থাপনৰ নিৰ্দেশনা
কাঠমাণ্ডু, ১১ এপ্ৰিল (হি.স.)। ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি দেশৰ সকলো বিমানবন্দৰতে ২৪ ঘন্টাৰ ভিতৰত নিৰাপদ স্তনপান আৰু শিশুৰ যত্ন কক্ষ স্থাপনৰ নিৰ্দেশ দিছে নেপাল চৰকাৰে। শনিবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে নিৰ্দেশ
काठमांडू स्थित त्रिभुवन अंतर्राष्ट्रीय हवाईअड्डा


কাঠমাণ্ডু, ১১ এপ্ৰিল (হি.স.)। ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি দেশৰ সকলো বিমানবন্দৰতে ২৪ ঘন্টাৰ ভিতৰত নিৰাপদ স্তনপান আৰু শিশুৰ যত্ন কক্ষ স্থাপনৰ নিৰ্দেশ দিছে নেপাল চৰকাৰে। শনিবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে নিৰ্দেশ দিয়ে যে বিমানবন্দৰত পৰিষ্কাৰ, নিৰাপদ, আৰু গোপনীয় স্তনপান আৰু শিশুৰ যত্ন কক্ষ পৰিচালনা কৰা হ’ব আৰু প্ৰয়োজন অনুসৰি উন্নীত কৰা হ’ব।

মন্ত্ৰালয়ৰ সচিব মুকুন্দ প্ৰসাদ নিৰৌলাই জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰোগী আৰু বিশেষভাৱে সক্ষম যাত্ৰীসকলৰ প্ৰাথমিক চিকিৎসা কক্ষও চলাবলৈ নিৰ্দেশ দিয়া হৈছে।

বিমানবন্দৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে মিল থকাটো নিশ্চিত কৰা, দৈনিক চাফাইৰ বাবে ‘লগবুক’ ব্যৱস্থা ৰূপায়ণ কৰা, বিশ্ব স্বাস্থ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই নিৰ্ধাৰণ কৰা স্বাস্থ্য মানদণ্ড মানি চলাৰ বাবেও নিৰ্দেশনা দিয়া হৈছে।

তদুপৰি শৌচাগাৰত মহিলা যাত্ৰীৰ বাবে বিনামূলীয়াকৈ চেনিটেৰী পেড দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই সকলোবোৰ নিৰ্দেশনা কাৰ্যকৰী কৰি তথ্য মন্ত্ৰালয়ক প্ৰদান কৰিবলৈ মন্ত্ৰালয়ে নিৰ্দেশ দিছে।

ৰাজহুৱা নাগৰিক আৰু যাত্ৰীসকলকো আহ্বান জনোৱা হৈছে যে যদি এই নিৰ্দেশনাসমূহ পালন কৰা নহয় তেন্তে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ তথ্য বিষয়াক অৱগত কৰক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande