
ৱাশ্বিংটন, ১১ এপ্ৰিল (হি.স.)। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ আৰ্টেমিছ-২ অভিযান সফলতাৰে সম্পূৰ্ণ হৈছে। এই অভিযানত জড়িত চাৰিজন মহাকাশচাৰীয়ে ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত নিৰাপদে পৃথিৱীলৈ উভতি আহিছে। এই অভিযানৰ সময়ত তেওঁলোকে পৃথিৱীৰ পৰা ৰেকৰ্ডত সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰিছিল।
নাছাই এক্সত উল্লেখ কৰিছিল যে চন্দ্ৰ অভিযান আৰ্টেমিছ-২ৰ চাৰিজন মহাকাশচাৰী—কানাডাৰ কমাণ্ডাৰ ৰিড ৱাইজমেন, পাইলট ভিক্টৰ গ্লভাৰ, ক্ৰীষ্টিনা কোচ আৰু জেৰেমি হেনচেন—নিৰাপদে পৃথিৱীলৈ উভতি আহিছে। তেওঁলোকৰ অৰিয়ান মহাকাশযানখন প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিছিল। কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলৰ সমীপত স্থানীয় সময় অনুসৰি নিশা ৮:০৭ বজাত (১১ এপ্ৰিলৰ ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইমৰ পুৱা ৫:৩৭ বজাত) অৱতৰণ হয়। ১ এপ্ৰিলত ফ্ল’ৰিডাৰ পৰা এই অভিযান আৰম্ভ কৰা হৈছিল। এই সফলতাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁলোকক অভিনন্দন জনাইছে।
নাছাই মহাকাশযানখনৰ অৱতৰণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি টুইটাৰত লিখিছে, ৰিড, ভিক্টৰ, ক্ৰীষ্টিনা আৰু জেৰেমি, ঘৰলৈ স্বাগতম! আৰ্টেমিছ দ্বিতীয় মহাকাশচাৰীসকলে ১১ এপ্ৰিলৰ নিশা ৮:০৭ বজাত (আমেৰিকাৰ সময় অনুসৰি) অৱতৰণ কৰি তেওঁলোকৰ ঐতিহাসিক ১০ দিনীয়া অভিযানৰ সামৰণি মাৰে। ১৯৭২ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে চন্দ্ৰ অভিযান এনেদৰে ঘূৰি আহিছে।
মহাকাশ সংস্থাটোৰ তথ্য অনুসৰি এই দলটোৱে ৬ লাখ ৯০ হাজাৰ মাইলতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছিল। এই ১০ দিনীয়া অভিযানৰ সফলতাৰ পিছত নাছাই আৰ্টেমিছ-৩ৰ বাবে প্ৰস্তুতি চলাইছে। বৰ্তমানৰ অভিযানত মহাকাশচাৰীসকলে কেৱল চন্দ্ৰৰ ওচৰতহে উৰা মাৰিছিল যদিও পৰৱৰ্তী অভিযানত মহাকাশচাৰীসকলে চন্দ্ৰত অৱতৰণ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া