বৰপেটাৰ মন্দিয়া সমষ্টিৰ চাউলখোৱা আৰু বেঁকী নৈৰ বুকুত চলিছে অবৈধ খনন
বৰপেটা জিলাৰ অন্তৰ্গত মন্দিয়া সমষ্টিৰ চাউলখোৱা আৰু বেঁকী নৈৰ বুকুত চলিছে অবৈধ খনন।
বৰপেটাৰ মন্দিয়া সমষ্টিৰ চাউলখোৱা আৰু বেঁকী নৈৰ বুকুত চলিছে অবৈধ খনন


বৰপেটা, ১১ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ অন্তৰ্গত মন্দিয়া সমষ্টিৰ চাউলখোৱা আৰু বেঁকী নৈৰ বুকুত ব্য়াপক অবৈধ খনন চলি থকাৰ অভিযোগ উত্থাপিত হৈছে । ট্ৰেক্টৰ জেচিবিৰ লগতে পাইপ মেচিনেৰে মাফিয়াসকলে চলাইছে অবৈধ খনন। দিনে নিশাই খনন কাৰ্য অব্যাহত ৰখাৰ ফলত নৈপৰীয়া ৰাইজৰ জীৱন এতিয়া বিপদাপন্ন হৈ পৰিছে।

অবিৰত মাটি আৰু বালি খননৰ ফলত নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পকী দলংসমূহলৈয়ো কঢ়িয়াই আনিছে চৰম ভাবুকি । ইপিনে বাট পথেৰে অবৈধভাৱে চলা ট্ৰেক্টৰ সমূহে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ জীৱনলৈও এতিয়া ভাবুকি কঢ়িয়াই আনিছে । যি কোনো মূহুৰ্ততে পথ দূৰ্ঘটনাৰ শংকাত ভুগিছে পথচাৰী ও ছাত্ৰ ছাত্ৰী সকলে । স্থানীয় লোকসকলৰ অভিযোগ মতে বৰপেটা বন বিভাগ আৰু আৰক্ষীৰ মেনেজ কৰি এই কাৰ্য চলাই গৈছে । বৰপেটা বন বিভাগ আৰু আক্ষৰীক দিব লাগে ধন। অচিৰেই এই অবৈধ খনন বন্ধ কৰাৰ বাবে দাবী জনাইছে স্থানীয় সচেতন ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande