কলিয়াবৰত বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন
নগাঁও, ১১ এপ্ৰিল (হি.স.)। নিৰ্বাচনৰ পিছত এতিয়া ৰাজ্যজুৰি চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি। বিহুৰ প্ৰাকক্ষণত ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুনাচ-ঢোল বাদনৰ প্ৰশিক্ষণ-কৰ্মাশালা। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত ১০ দিনীয়াকৈ অনুষ্ঠিত হয় বিহুনাচ আৰু ঢোল ব
কলিয়াবৰত বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন


নগাঁও, ১১ এপ্ৰিল (হি.স.)। নিৰ্বাচনৰ পিছত এতিয়া ৰাজ্যজুৰি চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি। বিহুৰ প্ৰাকক্ষণত ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুনাচ-ঢোল বাদনৰ প্ৰশিক্ষণ-কৰ্মাশালা। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত ১০ দিনীয়াকৈ অনুষ্ঠিত হয় বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা।

কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেল পথাৰত অনুষ্ঠিত এই কৰ্মশালাত তিনি শতাধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। উল্লেখ্য যে, ১ ব'হাগত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুত একত্ৰিত ভাৱে বিহু পৰিৱেশন কৰিব এইসকল প্ৰশিক্ষাৰ্থীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande