
দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ বহু প্ৰত্যাশিত ছবি জন নায়কন অনলাইনযোগে ফাদিল হোৱাৰ ফলত চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি হৈছে। ছবিখনৰ অনলাইন মুক্তিৰ ফলত প্ৰযোজকসকলৰ যথেষ্ট আৰ্থিক লোকচান হোৱাৰ আশংকা কৰা হৈছে। এই ঘটনাৰ পিছতে দক্ষিণ ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট চিনেমাৰ তাৰকাই অসন্তুষ্টি প্ৰকাশ কৰি পাইৰেচিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছুপাৰষ্টাৰ ৰজনীকান্তে ঘটনাটোক চাঞ্চল্যকৰ বুলি অভিহিত কৰি দোষীক চিনাক্ত কৰি শাস্তি দিবলৈ চৰকাৰক আহ্বান জনায়। ইফালে, সূৰ্য্যই ইয়াক “হৃদয়বিদাৰক আৰু অন্যায়” বুলি অভিহিত কৰি দৰ্শকক ছবিখন অনলাইনত নাচাবলৈ বা শ্বেয়াৰ নকৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে সমগ্ৰ দলটোৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি এয়া অন্যায় আৰু এনে কাৰ্য ক্ষমা কৰিব নোৱাৰা।
প্ৰবীণ অভিনেতা কমল হাছানে এই কাণ্ডক ব্যৱস্থাগত ব্যৰ্থতা বুলি অভিহিত কৰি কয় যে চেঞ্চৰ প্ৰমাণপত্ৰত পলম হোৱাটোৱেও এনে অবৈধ কাৰ্যক উৎসাহিত কৰে। জবাবদিহিতা আৰু নীতি-নিয়ম কঠোৰ বলবৎ কৰাৰ দাবী জনায়। চিৰঞ্জীৱীয়েও এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি কয় যে ইয়াৰ প্ৰভাৱ সমগ্ৰ উদ্যোগটোত পৰে। মন কৰিবলগীয়া যে ছবিখন ৯ জানুৱাৰীত মুক্তি পোৱাৰ কথা আছিল যদিও চেঞ্চৰ চাৰ্টিফিকেটত পলম হোৱাৰ বাবে মুক্তিৰ সময় পিছুৱাই দিয়া হয়, আৰু নতুন তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া