
নতুন দিল্লী, ১১ এপ্ৰিল (হি.স.)। ইৰাণত আবদ্ধ হৈ থকা ৩১২ জন ভাৰতীয় মাছমৰীয়া আৰ্মেনিয়া হৈ নিৰাপদে উভতি আহিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ঘোষণা কৰে যে ইৰাণৰ পৰা ৩১২ জন ভাৰতীয় মাছমৰীয়াক নিৰাপদে ভাৰতলৈ অনা হৈছে। তেওঁ আৰ্মেনিয়া চৰকাৰ আৰু বৈদেশিক মন্ত্ৰী আৰাৰাট মিৰ্জোয়ানক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। জয়শংকৰে কয় যে এই কঠিন অভিযান আৰ্মেনিয়াৰ সহযোগতহে সম্ভৱ হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় দূতাবাস, স্থানীয় প্ৰশাসনকে ধৰি কেইবাটাও সংস্থাৰ সমন্বয়ৰ জৰিয়তে এই সমগ্ৰ অভিযান সফলতাৰে সম্পূৰ্ণ কৰা হয়।
বিভিন্ন কাৰণত দীৰ্ঘদিন ধৰি ইৰাণত আবদ্ধ হৈ আছিল এই মাছমৰীয়াসকল। তেওঁলোকৰ নিৰাপদে উভতি অহাৰ বাবে ভাৰত চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছিল। প্ৰথমে তেওঁলোকক ইৰাণৰ পৰা উলিয়াই আনি আৰ্মেনিয়ালৈ লৈ যোৱা হয়, তাৰ পৰা তেওঁলোকক বিমানেৰে ভাৰতলৈ লৈ যোৱা হয়। প্ৰয়োজনীয় সকলো কাগজ-পত্ৰ আৰু নিৰাপত্তাৰ প্ৰট’কল মানি চলিছিল। যাত্ৰাৰ সময়ত তেওঁলোকৰ খাদ্য, স্বাস্থ্য পৰীক্ষা, আৰু অন্যান্য সা-সুবিধাসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছিল।
ইয়াৰ পূৰ্বে ৫ এপ্ৰিলত পশ্চিম এছিয়াত চলি থকা সামৰিক সংঘাতৰ মাজত ইৰাণত আবদ্ধ হৈ থকা মুঠ ৩৪৫ জন ভাৰতীয় মাছমৰীয়া আৰ্মেনিয়া হৈ চেন্নাইত নিৰাপদে উপস্থিত হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া