পৰীক্ষাৰ তিনিমাহ পূৰ্বে পিতৃহাৰা হোৱা অভয়াপুৰীৰ হিমুয়ে লাভ কৰিলে ডিষ্টিংশ্বন
পৰীক্ষাৰ তিনিমাহ পূৰ্বে পিতৃহাৰা হোৱা অভয়াপুৰীৰ হিমুয়ে লাভ কৰিলে ডিষ্টিংশ্বন।
পৰীক্ষাৰ তিনিমাহ পূৰ্বে পিতৃহাৰা হোৱা অভয়াপুৰীৰ হিমুয়ে লাভ কৰিলে ডিষ্টিংশ্বন


বঙাইগাঁও, ১১ এপ্ৰিল (হি.স.): সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিছে পিতৃহাৰা অভয়াপুৰীৰ হিমু দাস নামৰ ছাত্ৰজনে। পৰীক্ষাৰ তিনিমাহ পূৰ্বে পিতৃহাৰা হোৱা অভয়াপুৰীৰ হিমুয়ে লাভ কৰিলে ডিষ্টিংশ্বন। অসমীয়াত লাভ কৰিলে ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনি মাহ পূৰ্বে পিতৃক হেৰুৱাইছিল অভয়াপুৰীৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হিমু দাসে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীগৰাকীৰ মৃত্যুত দিকবিদিক হেৰুৱাইছিল পৰিয়ালটোৱে।

পিতৃক হেৰুৱাৰ বেদনা আৰু আৰ্থিক দুৰৱস্থাৰ মাজতো অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিল ছাত্ৰগৰাকী । পাঁচটা বিষযতে লেটাৰ নম্বৰ লাভ কৰা হিমু দাসে ৮৬.৬৭ শতাংশ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সফলতা বুটলিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে অসমীয়া বিষয়টো টান পাইছিল ছাত্ৰগৰাকীয়ে। কিন্তু নেৰানেপেৰা চেষ্টা আৰু অধ্যয়নৰ ফলতেই অসমীয়া বিষয়তে এশৰ ভিতৰত এশ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভৰ অভিলেখৰ গৰাকী হৈছে হিমু ।

পৰীক্ষালৈ মাত্ৰ তিনি মাহ থাকোঁতেই হঠাতে পৰলোকপ্ৰাপ্তি ঘটিছিল ছাত্ৰগৰাকীৰ পিতৃ সঞ্জয় কুমাৰ দাসৰ। অভয়াপুৰীৰ সাহিত্য সভা পথত মাতৃ ভানু দাসৰ সৈতে ভাৰাঘৰত থকা হিমুৱে দুখ-কষ্টৰ মাজতে চলাইছিল পৰীক্ষাৰ প্ৰস্তুতি।এখন সৰু গেলামালৰ দোকানেৰে পৰিয়াল পোহপাল দিয়াত অসুবিধা হৈছিল মাতৃ ভানু দাসৰ । অৱশ্যে ছাত্ৰগৰাকীৰ মোমায়েক আৰু এগৰাকী ভাতৃয়ে যথেষ্ট সহায় কৰা বুলি প্ৰকাশ কৰে হিমুৱে ।

উল্লেখনীয় দিশটো এয়ে যে চাকৰিৰ সলনি এগৰাকী ভাল ব্যৱসায়ী হোৱাৰহে সপোন পুহি ৰাখিছে মেধাৱী ছাত্ৰগৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande