
নলবাৰী, ১১ এপ্ৰিল (হি.স.): সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ ৰামপুৰ বালিকা হাইস্কুলত বিফলতাৰ হেট্ৰিক কৰিছে । ছগৰাকী শিক্ষক, ৫ ছাত্ৰী আছিল যদিও এইবাৰো ফলাফল শূন্য ।
নলবাৰী জিলাৰ ৰামপুৰ বালিকা হাইস্কুলত যোৱা তিনিবছৰ ধৰি মেট্ৰিক পৰীক্ষাৰ শূন্য ফলাফল, একেৰাহে তিনিবাৰ শূণ্য় ফলাফলৰে বিদ্য়ালয়খনে বিফলতাৰ এক লজ্জাজনক হেট্ৰিক মাৰিলে । বিদ্যালয়খনত কৰ্মৰত ৬ জন শিক্ষক থাকিলেও এবাৰো উত্তীৰ্ণ ছাত্ৰী নাই। চৰকাৰী বিদ্যালয়ত কোটি টকা ব্যয় হোৱাৰ পাছতো এই পৰিণতি শিক্ষাখণ্ডৰ ফোঁপোলা ছবি উদঙাইছে। এই ক্ষেত্ৰত শিক্ষকৰ অৱহেলা নে শৈক্ষিক পৰিবেশৰ অভাৱ ? নে চৰকাৰী নীতিৰ বিসংগতি?শিক্ষা বিভাগে তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী জনাইছে, যাতে ছাত্ৰীসকলৰ জীৱন অন্ধকাৰলৈ নযায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ