
দৰং, ১১ এপ্ৰিল (হি.স.)। কঠোৰ অধ্যৱসায় আৰু একাগ্ৰতা থাকিলে যে সকলো বাধা নেওচি সফলতা লাভ কৰিব পাৰি তাকেই প্ৰমাণ কৰি দেখুৱালে এজন গ্ৰাম্য অঞ্চলৰ মেধাৱী ছাত্ৰই। দৰং জিলাৰ দলগাঁৱৰ কছাৰীপাৰা জংঘল গাঁৱৰ কৰণ শইকীয়াই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ ছাত্ৰ কৰণে এইবাৰৰ পৰীক্ষাত ৮৫.৮৩% নম্বৰ সহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই কৃতিত্বত এতিয়া আনন্দৰ লহৰ উঠিছে সমগ্ৰ দলগাঁও অঞ্চলত। কৰণৰ এই সফলতাৰ আঁৰত আছে তেওঁৰ পিতৃ-মাতৃৰ সুদীৰ্ঘ সংগ্ৰামৰ কাহিনী।
পিতৃ ৰূপম শইকীয়াই ২০০০ চনতে স্নাতক ডিগ্ৰী লাভ কৰিছিল। কিন্তু সেই সময়ৰ ৰাজনৈতিক পৰিৱেশ আৰু চৰকাৰী চাকৰিৰ অনিশ্চয়তাৰ বাবে তেওঁ চাকৰিৰ পাছত দৌৰাৰ পৰিৱৰ্তে গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছিল। চৰকাৰী চাকৰিৰ আশা পৰিত্যাগ কৰি দম্পতীহালে কঠোৰ পৰিশ্ৰমেৰে সংসাৰ চলোৱাৰ লগতে পুত্ৰক গুণগত শিক্ষা প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। পুত্ৰৰ এই আশাপ্ৰদ ফলাফলত পিতৃ ৰূপম শইকীয়া আৰু তেওঁৰ পত্নী আজি নথৈ আনন্দিত। গাঁওখনৰ এজন মেধাৱী ছাত্ৰৰ এই সফলতাই গ্ৰাম্য অঞ্চলৰ আন শিক্ষাৰ্থী সকলকো উৎসাহিত কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু