গহপুৰত বিহু নাচ কৰ্মশালা
বিশ্বনাথ, ১১ এপ্ৰিল (হি.স.)। পদুলী মুখত হেপাহৰ ৰঙালী বিহু । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। নিৰ্বাচনী উথপথপ পৰিৱেশৰ পিছত ঢোল, পেপা, গগণাৰ মাতে ৰজন জনাইছে অসমৰ আকাশ বতাহ । চৌদিশে চলিছে বিহুৰ প্ৰস্তুতি। সমান্তৰালকৈ ঠায
গহপুৰত বিহু নাচ কৰ্মশালা


বিশ্বনাথ, ১১ এপ্ৰিল (হি.স.)। পদুলী মুখত হেপাহৰ ৰঙালী বিহু । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। নিৰ্বাচনী উথপথপ পৰিৱেশৰ পিছত ঢোল, পেপা, গগণাৰ মাতে ৰজন জনাইছে অসমৰ আকাশ বতাহ । চৌদিশে চলিছে বিহুৰ প্ৰস্তুতি। সমান্তৰালকৈ ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু কৰ্মশালা।

গহপুৰ হাইস্কুল খেলপথাৰত গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেৰ দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। ইয়াত শিৰোশ্ৰী শইকীয়াই শতাধিক নাচনীক বিহু নাচৰ প্ৰশিক্ষণ দিছে। অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক কিশোৰী আৰু যুৱতীয়ে প্ৰশিক্ষণ লৈছে এই বিহু নাচৰ কৰ্মশালাত ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande