মহাত্মা জ্যোতিবা ফুলেৰ জন্ম বাৰ্ষিকীত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ১১ এপ্ৰিল (হি.স.)। সামাজিক সমতা আৰু নাৰী শিক্ষাৰ পথ প্ৰদৰ্শক তথা সত্যশোধক সমাজৰ প্ৰতিষ্ঠাপক মহাত্মা জ্যোতিবা ফুলেৰ আজি শনিবাৰে জন্মজয়ন্তী। এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক স্মৰণ কৰি বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী ড° শৰ্মাই শ্বেয়াৰ কৰা মহাত্মা জ্যোতিবা ফুলেৰ প্ৰতিচ্ছবি

গুৱাহাটী, ১১ এপ্ৰিল (হি.স.)। সামাজিক সমতা আৰু নাৰী শিক্ষাৰ পথ প্ৰদৰ্শক তথা সত্যশোধক সমাজৰ প্ৰতিষ্ঠাপক মহাত্মা জ্যোতিবা ফুলেৰ আজি শনিবাৰে জন্মজয়ন্তী। এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক স্মৰণ কৰি বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মুখ্যমন্ত্রী ড০ শৰ্মাই মহাত্মা জ্যোতিবা ফুলেৰ জন্ম জয়ন্তীত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লিখিছে- ‘‘সামাজিক ন্যায় আৰু শিক্ষাৰ পথ প্ৰদৰ্শক জ্যোতিৰাও ফুলেৰ ভাৰতীয় সমাজলৈ আগবঢ়োৱা অৱদান অমূল্য। নাৰী শিক্ষা আৰু সমতাৰ এক অটল সমৰ্থক হিচাপে তেওঁ সমাজত এক নতুন চেতনাৰ বীজ সিঁচিছিল। সত্য আৰু সমতাৰ পথত খোজ দিয়া এইগৰাকী মহান সমাজ সংস্কাৰকক তেওঁৰ জন্ম বাৰ্ষিকীত ভাৰতে শ্ৰদ্ধাৰে সোঁৱৰিছে।’’

উল্লেখযোগ্য যে মহাত্মা জ্যোতিবা ফুলেৰ জন্ম বাৰ্ষিকী (১৮২৭-১৮৯০) প্ৰতি বছৰে ১১ এপ্ৰিলত পালন কৰা হয়। পত্নী সাবিত্ৰীবাই ফুলেৰ সৈতে তেওঁ প্ৰথমখন ছোৱালীৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

 rajesh pande