
গোলাঘাট, ১১ এপ্ৰিল (হি.স.)। পদুলিমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু । বাপতিসাহোন বিহুটিক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি । ঢোল-পেপা-গগনাৰ মাতেৰে মুখৰিত হৈছে অসমভূমি। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ।
দেৰগাঁও মাৰোৱাৰী ধৰমশালাৰ বাকৰিত শ শ বিহুৱা-বিহুৱতীক শিকোৱা হৈছে বিহুনাচ,ঢোলবাদন আদি । ৰাজ্যৰ ৰাজনৈতিক অস্থিৰতাৰ বিপৰীতে আছুয়ে দেখুৱাইছে অনন্য নিদৰ্শন। দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছে এই কৰ্মশালাত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা