তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচৰ এক বিশেষ কৰ্মশালা তথা আখৰা অনুষ্ঠানৰ আয়োজন
তামুলপুৰ, ১১ এপ্ৰিল (হি.স.)। অসম বিধান সভাৰ নিৰ্বাচনী পৰ্বৰ সামৰণি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে অসমীয়াৰ স্বাভিমান স্বৰূপ বাপতি সাহোন ৰঙালি বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। বিহু বুলি কলেই যেন প্ৰতিগৰাকী অসমীয়াৰ মন-প্ৰাণ আনন্দত নাচি উঠে ৷ চৌ
তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচৰ এক বিশেষ কৰ্মশালা তথা আখৰা অনুষ্ঠানৰ আয়োজন


তামুলপুৰ, ১১ এপ্ৰিল (হি.স.)। অসম বিধান সভাৰ নিৰ্বাচনী পৰ্বৰ সামৰণি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে অসমীয়াৰ স্বাভিমান স্বৰূপ বাপতি সাহোন ৰঙালি বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। বিহু বুলি কলেই যেন প্ৰতিগৰাকী অসমীয়াৰ মন-প্ৰাণ আনন্দত নাচি উঠে ৷ চৌদিশে এতিয়া গাঁৱে ভূঁঞে ঢোল পেপা গগনাৰ শব্দ।

তামুলপুৰ জিলাও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও বিহু নাচৰ এক বিশেষ কৰ্মশালা তথা আখৰা অনুষ্ঠানৰ আয়োজন কৰিছে । ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বিহু নাচৰ কৰ্মশালাত দুই শতাধিক ডেকা-গাভৰু আৰু কন কণ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

বিশেষকৈ কণ কণ মইনাহঁতেও ঢোল-পেঁপাৰ শব্দত বিহু নাচি বাগি আনন্দত মতলীয়া হোৱা দৃশ্যই সমগ্ৰ অঞ্চলটোত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, অহা ১৫ এপ্ৰিলত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহুৰ এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ উক্ত অনুষ্ঠানত প্ৰতিগৰাকী খিলঞ্জীয়া লোকৰ সহায়-সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে তামুলপুৰ 'আছু'এ ৷ চহা লোক-সংস্কৃতিৰ এই নিৰ্ভেজাল চৰ্চাই নতুন প্ৰজন্মৰ মাজত বিহুৰ ঐতিহ্যক সুন্দৰকৈ প্ৰতিষ্ঠা কৰিব বুলি আয়োজক সকলে আশাপ্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande