মণিপুৰত কুকি আৰু নাগা উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত বিএছএফৰ জোৱান নিহত
ইম্ফল, ১১ এপ্ৰিল (হি.স.)। মণিপুৰৰ উখৰুল জিলাত কুকি আৰু নাগা উগ্ৰপন্থী সংগঠনসমূহৰ মাজত হোৱা গুলীচালনাত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন জোৱান নিহত হয়। শনিবাৰে চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, এই ঘটনা সংঘটিত হৈছিল লিটন আৰক্ষী থানা অঞ্চলৰ মংকোট চেপু
Dead body शव


ইম্ফল, ১১ এপ্ৰিল (হি.স.)। মণিপুৰৰ উখৰুল জিলাত কুকি আৰু নাগা উগ্ৰপন্থী সংগঠনসমূহৰ মাজত হোৱা গুলীচালনাত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন জোৱান নিহত হয়।

শনিবাৰে চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, এই ঘটনা সংঘটিত হৈছিল লিটন আৰক্ষী থানা অঞ্চলৰ মংকোট চেপু অঞ্চলত য 'ত দুয়োটা উগ্ৰপন্থী গোটৰ মাজত তীব্ৰ গুলীবৰ্ষণ হৈছিল। কৰ্তব্যৰত বিএছএফৰ ১৭০তম বেটালিয়নৰ কনষ্টেবল মিথুন মণ্ডল নিহত হয়। ঘটনাৰ পিছতে অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে অনুসন্ধান অভিযান আৰম্ভ কৰে।

বিষয়াসকলে জনোৱা মতে, অঞ্চলটোত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে আৰু যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande